ETV Bharat / state

অসম ভিত্তিত অনলাইন ফিটনেছ চেলেঞ্জ প্ৰতিযোগিতা - বিশিষ্ট সমৰ কলাবিদ হৃদয়ানন্দ দাস

লক্ ডাউনৰ মাজতে খেলুৱৈসকলক সবল কৰি ৰখাৰ উদ্দেশ্যে বিশ্বনাথৰ চেম্পিয়নচ্ মেকাৰ একাডেমীয়ে অনলাইন প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে আয়োজন কৰিছে, অসম ভিত্তিত ফিটনেছ চেলেঞ্জ নামৰ এক প্ৰতিযোগিতাৰ ।

online game competition by champions maker academy

author img

By

Published : May 7, 2020, 10:38 AM IST

বিশ্বনাথ, 6 মে': লক্ ডাউনৰ সময়চোৱাত আন আন ক্ষেত্ৰসমূহৰ লগতে প্ৰভাৱিত হৈছে ক্ৰীড়া ক্ষেত্ৰখনো । কিন্তু ইয়াৰ মাজতে খেলুৱৈসকল যাতে সবল হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি, বিশ্বনাথৰ চেম্পিয়নচ্ মেকাৰ একাডেমীয়ে অনলাইন প্ৰশিক্ষণ অব্যাহত ৰাখিছে ।

অসম ভিত্তিত আয়োজন অনলাইন ফিটনেছ চেলেঞ্জ প্ৰতিযোগিতা

এই অনলাইন প্ৰশিক্ষণৰ লগতে প্ৰতিষ্ঠানখনে আয়োজন কৰিছে অসম ভিত্তিত ফিটনেছ চেলেঞ্জ নামৰ এক প্ৰতিযোগিতাৰ । বিশেষকৈ অসমৰ টাইকোৱানডো খেলুৱৈসকল যাতে সবল হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি, অনলাইন প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ আয়োজন কৰিছে প্ৰতিষ্ঠানখনে । একাডেমী খনৰ ছাত্ৰ ছাত্ৰীয়ে দৈনিক নিজৰ প্ৰশিক্ষণ অব্যাহত ৰাখি ভিডিঅ' সমূহ প্ৰতিষ্ঠান কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰি আছে ।

বৰ্তমানলৈ অসমৰ ভিন্ন প্ৰান্তৰ পৰা এই প্ৰতিযোগিতালৈ ২০০ৰো অধিক খেলুৱৈয়ে ভিডিঅ' প্ৰেৰণ কৰা বুলি উল্লেখ কৰে, চেম্পিয়নচ্ মেকাৰ একাডেমীৰ সঞ্চালক তথা বিশিষ্ট সমৰ কলাবিদ হৃদয়ানন্দ দাসে । উল্লেখ্য যে, প্ৰতিযোগীসকলৰ মাজৰ পৰা বিচাৰকে নিৰ্বাচন কৰিছে অন্তিম শ্ৰেষ্ঠ দহজন প্ৰতিযোগী ।

বিশ্বনাথৰ চেম্পিয়নচ্ মেকাৰ একাডেমীয়ে অনলাইন প্ৰশিক্ষণ অব্যাহত ৰাখিছে

লগতে পঢ়কঃ উত্তৰ-পূৰ্বাঞ্চলৰ পঞ্চমখন COVID-19 মুক্ত ৰাজ্য হোৱাৰ দিশত মিজোৰাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.