ETV Bharat / state

No road in Behali: স্বাধীনতাৰ ৭৬ বছৰৰ পিছতো সূচল যোগাযোগ-বিজুলীৰ পৰা বঞ্চিত গাওঁবাসী - No road in Bihali

বিহালীত স্বাধীনতাৰ ৭৬ বছৰৰ পিছতো সূচল যোগাযোগ আৰু বিজুলী সেৱাৰ পৰা বঞ্চিত এখন গাওঁ ৷ এখন দলঙৰ অভাৱত নৈৰ বুকুৱেদি দৈনিক বিপদসংকুল যাত্ৰা বৃহত্তৰ অঞ্চলৰ গঞা তথা ছাত্ৰ ছাত্ৰীৰ(No road in Behali) ৷

No road in Bihali
No road in Bihali: স্বাধীনতাৰ ৭৬ বছৰৰ পিছতো সূচল যোগাযোগ আৰু বিজুলীৰ পৰা বঞ্চিত গাওঁবাসী
author img

By

Published : Dec 9, 2022, 9:24 PM IST

বিশ্বনাথ চাৰিআলি, 9 ডিচেম্বৰ: প্ৰতিটো ভাষণতে দিছপুৰীয়া সকলে বিকাশ,প্ৰগতি তথা ৰাজ্যৰ উন্নয়নৰ কথা দোহৰা আমাৰ ৰাজ্যখনত এতিয়াও আছে সুচল বাট-পথ তথা নুন্যতম সুবিধাখিনিৰ পৰা বঞ্চিত নাগৰিক ৷ ৰাজ্যৰ অন্যতম এটা বিধানসভা সমষ্টি বিহালী সমষ্টিৰ প্ৰায় 10 খনতকৈয়ো অধিক গাৱঁৰ ৰাইজ বঞ্চিত হৈ আছে নুন্যতম সা-সুবিধাখিনি লাভৰ পৰা ৷ দুৰ্ভাগ্যজনক বিষয় যে বিহালীত স্বাধীনতাৰ ৭৬ বছৰৰ পিছতো সূচল যোগাযোগ আৰু বিজুলীৰ পৰা বঞ্চিত হৈ আছে শতাধিক গাওঁবাসী ৷ এখন দলঙৰ অভাৱত অৰ্থাৎ সংশ্লিষ্ট মন্ত্ৰী-বিষয়াসকলৰ নিৰ্বিকাৰ,নিৰ্লিপ্ত ভূমিকাৰ বাবে নৈৰ বুকুৱেদি দৈনিক কামৰ তাগিদাত বিপদসংকুল যাত্ৰা চলাই গৈছে বৃহত্তৰ অঞ্চলটোৰ গঞা তথা ছাত্ৰ ছাত্ৰীসকলে(Poor road condition in Behali) ৷

স্বাধীনতাৰ ৭৬ বছৰৰ পিছতো সূচল যোগাযোগ আৰু বিজুলীৰ পৰা বঞ্চিত গাওঁবাসী

স্বাধীনতাৰ ৭৬ বছৰ পূৰ্তি উপলক্ষে বিজেপি চৰকাৰে পালন কৰিছে অমৃত মহোৎসৱ কিন্তু দেশৰ স্বাধীনতাৰ অমৃত পানৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত হৈ থকা অৰুণাচল প্ৰদেশৰ সীমান্তত স্থিত বিহমাৰী বনগাঁওবাসীৰ কথা গমেই নাপায় ৰাজ্যৰ শাসনাধিষ্ঠিত চৰকাৰখনে(No road in Behali) ৷ বিহালী সমষ্টিৰ অন্যান্য প্ৰান্তৰ লগত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যোগাযোগৰ ক্ষেত্ৰত প্ৰধান প্ৰত্যাহবান হৈ থিয় দিছে আছে পাহাৰীয়া বিহমাৰী নৈখন । বিগত বহু বছৰ ধৰি পাহাৰীয়া নৈখনৰ বুকুৱেদি দৈনিক বিপদসংকুল যাত্ৰা কৰি আহিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰীয়ে । বিভাগীয় মন্ত্ৰী-বিষয়াসকলক এখন দলং নিৰ্মাণৰ বাবে কেইবাবাৰো গাওঁবাসীয়ে আবেদন-নিবেদন কৰিছে যদিও বিভাগীয় তৰফৰ পৰা কোনো সহাঁৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি আক্ষেপ সহকাৰে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে কাইলৈ কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী উদ্ধোধনৰ বাবে বিহালীত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Biswa Sarma) । কিন্তু সমষ্টিটোৰ অন্তৰ্গত বিহমাৰী বনগাওঁবাসী বছৰ বছৰ ধৰি অপেক্ষাৰত সুচল বাট-পথৰ বাবে ৷

দুৰ্ভাগ্যৰ বিষয় যে বিহমাৰী বনগাওঁবাসী আজিও বঞ্চিত বিজুলী বাতিৰ সেৱা লাভৰ পৰা(No electricity in Bihali) । প্ৰশ্ন হয়, দেশৰ বিকাশ, উন্নয়ন, প্ৰগতিৰ শ্লোগান দি ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰা বিজেপি দলে এইসকল জনতাৰ দুখ-দুৰ্দশা দূৰ কৰিবলে চেষ্টা কৰিবনে নে ?

লগতে পঢ়ক: Gujrat election 2022: আপ চলি আছে বিজেপিৰ এজেণ্ডাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.