ETV Bharat / state

যান-বাহন চলাচলত বিশ্বনাথ জিলা প্ৰশাসনৰ নতুন নিয়ম

author img

By

Published : May 14, 2021, 12:54 PM IST

যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰত বিশ্বনাথ জিলাত বৃৃহস্পতিবাৰৰ পৰা জিলা প্ৰশাসনে জাৰি কৰিছে যুগ্ম আৰু অযুগ্ম নম্বৰ প্লেটৰ ব্যৱস্থা ৷

New rules of bishwanath district administration in traffic
যান-বাহনৰ ক্ষেত্ৰত বিশ্বনাথ জিলা প্ৰশাসনৰ নতুন নিয়ম

বিশ্বনাথ,14মে': কৰ'ণা মহামাৰীৰ ভয়াৱহ সংক্ৰমণ আৰু চৰকাৰে জাৰি কৰা নতুন ক'ভিড নীতিৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈছে বিশ্বনাথ জিলা প্ৰশাসন ৷ বৃৃহস্পতিবাৰৰ পৰা যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে জাৰি কৰিছে যুগ্ম আৰু অযুগ্ম নম্বৰ প্লেটৰ ব্যৱস্থা ৷

জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ প্ৰণৱ কুমাৰ শৰ্মাৰ স্বাক্ষৰ সম্বলিত এখন জাননী মৰ্মে বৃহস্পতিবাৰৰ পৰা অযুগ্ম অৰ্থাৎ নম্বৰ প্লেটৰ শেষৰ ফালে ১,৩,৫,৭ আৰু ৯ সংখ্যা থকা বাহন সমূহ ১৩,১৫,১৭,১৯,২১,২৩ আৰু ২৫ মে' তাৰিখে চলাচল কৰাৰ বিপৰীতে যুগ্ম অৰ্থাৎ নম্বৰ প্লেটৰ শেষৰ ফালে ০,২,৩,৬ আৰু ৮ সংখ্যা থকা বাহন সমূহ ১৪,১৬,১৮,২০,২২,২৪ আৰু ২৬ মে' তাৰিখে চলাচল কৰিব পাৰিব ।

উল্লেখ্য যে, চৰকাৰী যান বাহন, পানী তথা গাখীৰ কঢ়িওৱা বাহন, এম্বুলেঞ্চ, ৰন্ধন গেছ বিতৰণৰ বাহন আৰু স্বাস্থ্য সেৱাত জড়িত বাহন সমূহৰ ক্ষেত্ৰত এই নিৰ্দেশ প্ৰযোজ্য নহয় বুলি জাননী খনত উল্লেখ আছে।

লগতে পঢ়ক: টীয়কত ক’ভিড প্ৰট’কলৰ মানি ঈদৰ নামাজৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.