বিশ্বনাথ, 3 এপ্ৰিল: বিশ্বনাথৰ বিহালীত ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘা কৰি এখন চিকিৎসালয়ৰ আধাৰশিলা স্থাপনৰ কথাঘোষণা কৰিলে ৷ বুধবাৰে 9 নং তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লবলোচন দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে বিহালীত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা ।
নিৰ্বাচনী বিধি উলংঘা কৰি বিহালী তিনিসুঁতিলৈ এখনি চিকিৎসালয় ঘোষণা কৰাৰ লগতে নিৰ্বাচনৰ পিছতেই আধাৰশিলা কাম আৰম্ভ হ'ব বুলি উল্লেখ কৰে ৷ এই সভাত তেওঁৰ সতে উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ দত্ত আৰু বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃবৰ্গ৷