ETV Bharat / state

বিশ্বনাথত নামঘৰ নিৰ্মাণৰ বাবে ভূমি দান ইছলাম ধৰ্মাৱলম্বী লোকৰ

author img

By

Published : Aug 17, 2020, 10:22 PM IST

শংকৰ-আজানৰ দেশত সম্প্ৰীতিৰ অনন্য নিদৰ্শন ৷ নামঘৰ নিৰ্মাণৰ বাবে হিন্দু লোকক ভূমি দান কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকে ৷

Muslim family donates land for expansion of Hanuman temple
বিশ্বনাথত নামঘৰ নিৰ্মাণৰ বাবে ভূমি দান ইছলাম ধৰ্মালম্বী লোকৰ

বিশ্বনাথ, 17 আগষ্ট : ৰাজ্যত ধৰ্মীয় অসহিষ্ণুতাই সমাজখনক ভাগ ভাগ কৰাৰ সময়তে চতিয়াৰ এজন ইছলাম ধৰ্মীয় লোকে নামঘৰ নিৰ্মাণৰ বাবে নিজৰ ভূমি দান কৰি দেখুৱালে সম্প্ৰীতিৰ অনন্য নিদৰ্শন ৷ নামঘৰ নিৰ্মাণৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকজনে দান কৰিলে 2 কঠা ভূমি ৷

তথ্য অনুসৰি, বিশ্বনাথ জিলাৰ উত্তৰ অঞ্চলত গঢ়ি উঠা মাধৱপূৰ গাঁৱৰ ৰাইজে গাওঁখনত নামঘৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু ভূমিৰ অভাৱত নিৰ্মাণ কৰিব পৰা নাছিল নামঘৰটো ৷ তেনে সময়তে ধৰ্মৰ উৰ্ধত মানৱতাৰ উদাহৰণ দি চতিয়াৰ চৈয়দ আলী নামৰ ইছলাম ধৰ্মীয় লোক গৰাকীয়ে দান কৰিলে ভূমি ৷ নামঘৰ নিৰ্মাণৰ বাবে 2 কঠা ম্যাদি পট্টাৰ ভূমি মাধৱপূৰৰ গঞাক দেওবাৰে এখন ৰাজহুৱা সভাত দান কৰিলে ম:চৈয়দ আলীয়ে । নামঘৰ নিৰ্মাণৰ বাবে ইছলাম ধৰ্মীয়ে লোকে হিন্দু লোকক ভূমি প্ৰদান কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ৷

উল্লেখযোগ্য যে, যি সময়ত সমাজত লাভ জেহাদ, ধৰ্মীয় উন্মাদ, জেহাদী ভিন্ন অভিধাৰে সমাজত একাংশ লোকে সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ চেষ্টা কৰি আহিছে তেনে সময়তে শংকৰ-আজানৰ দেশত ম:চৈয়দ আলীৰ এই কাৰ্যই পুনৰ একতাৰ এনাজৰি ডাল আৰু অধিক কটকটীয়া কৰিব ৷

লগতে পঢ়ক : পবিত্ৰ ভাদমাহত হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ব ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.