ETV Bharat / state

গহপুৰত চৰহা পোকে নষ্ট কৰিলে বিঘাই-বিঘাই সজাল ধৰা খেতি

গহপুৰত চৰহা পোকৰ উপদ্ৰৱত হাহাকাৰ অৱস্থা কৃষকৰ ৷ বহু কীট নাশক দ্ৰব্য চতিয়াইয়ো কোনো সুফল নোপোৱাত এতিয়া মুৰে কপালে হাত দিবলগয়ীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষক ৰাইজৰ ৷

author img

By

Published : Aug 11, 2020, 10:50 PM IST

More Paddy Lost For Insects in Biswanath
গহপুৰত চৰহা পোকে নষ্ট কৰিলে বিঘাই বিঘাই সজাল ধৰা ধান

বিশ্বনাথ, ১১ আগষ্টঃ তিনিটাকৈ বানত অভাৱনীয় ভাবে ক্ষতিৰ সন্মুখীন হোৱাৰ পাছত এইবাৰ বিশ্বনাথ জিলাৰ গহপুৰৰ পথাৰত চৰহা পোকৰ উপদ্ৰৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষক সকলৰ মাজত । গহপুৰ মহকুমাৰ জাৰনীগাঁও, ককিলাগুৰি, ডুবিয়া অঞ্চলকে ধৰি হাজাৰ-হাজাৰ হেক্টৰ ধান খেতিত চানি ধৰিছে চৰহা পোকে । ইতিমধ্যে চৰহা পোকৰ আক্ৰমনৰ ফলত নষ্ট হৈছে বিঘাই -বিঘাই সজাল ধৰা ধান খেতি ৷

ইফালে চৰহা পোকৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ কৃষক সকলে বহু কীটনাশক দ্ৰব্য চতিয়াইছে যদিও এতিয়ালৈকে কোনো সুফল নোপোৱাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে কৃষক সকলৰ । ইফালে কৃষি বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ সহায় সহযোগ নোপোৱাত দিক বিদিক হেৰুৱাইছে কৃষক ৰাইজে ।

আনহাতে কৃষিৰ ওপৰতে নিৰ্ভৰশীল ৰাইজে এনেদৰে কষ্টেৰে কৰা খেতি ডৰাও পোকে নষ্ট কৰাত পৰিয়াল পোহপাল দিয়াক লৈ ভীষন চিন্তাত পৰিছে কৃষক ৰাইজ । অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই চৰহা পোকৰ উপদ্ৰৱৰ পৰা ৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কৃষক সকলে ৷

ঠিক একেদৰে লখিমপুৰৰ নাওবৈচাতো চৰহা পোকে নষ্ট কৰিছে হাজাৰ-হাজাৰ বিঘা সজাল ধৰা ধান খেতি ৷ বহু কীট নাশক দ্ৰব্য চতিয়াইও কোনো সুফল নোপোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইফালে চৰকাৰ তথা কৃষি বিভাগক নষ্ট হোৱা ধান খেতিৰ বাবে উপযুক্ত সহায়ৰ বাবে আহ্বান জনাইছে কৃষক সকলে ৷ নহ'লে পৰিয়াল পোহ-পাল দিবলৈয়ো উপায় বিহীন হৈ পৰিব বুলি চৰকাৰক কাতৰ আহ্বান জনাইছে কৃষক সকলে ৷

লগতে পঢ়ক- নগাঁৱত বিধায়ক শিলাদিত্যৰ প্ৰৱেশ নিষিদ্ধ কৰিলে এ জে ৱাই ছি পিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.