ETV Bharat / state

কেনে অৱস্থাত আছে এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিছাখন !

author img

By

Published : Nov 17, 2019, 5:35 PM IST

যি সময়ত ৰাজ্যৰ চাহ উদ্যোগলৈ নামি আহিছে ভয়ংকৰ সংকট ৷ সেই সময়তে মোনাবাৰী চাহ বাগিছাৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন ৷

কেনে অৱস্থাত আছে এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিছাখন !

বিশ্বনাথ, 17 নৱেম্বৰ: বিশ্বৰ ভিতৰত চাহ উৎপাদনৰ ক্ষেত্ৰত এক বিশেষ স্থান আছে অসমৰ ৷ ভাৰতক চাহ উৎপাদত বিশ্ব ভিতৰতে দ্বিতীয় স্থানলৈ লৈ যোৱাত বিশেষ অৰিহণা আছে অসমৰ চাহ বাগিছা সমূহৰ ৷ ইয়াৰে ভিতৰত আছে প্ৰায় 1367.38 হেক্টৰ ভূমিয়ে আৱৰি থকা বিশ্বনাথ জিলাত অৱস্থিত এছিয়াৰ ভিতৰত সৰ্ববৃহৎ চাহ বাগিছা ‘‘ মোনাবাৰী চাহ বাগিছা’’ৰ ৷

এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিছা
এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিছা

15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে বিস্তৃত চাহ বাগিছাখন হৈছে Williamson Magor Group McLeod Russel India Limited ৰ ৷ কলকাতা অধিনাস্থ ব্ৰিটিছ দিনতে স্থাপন হোৱা চাহ বাগিছাখনত বৰ্তমান কৰ্মৰত প্ৰায় 5 হাজাৰৰো অধিক শ্ৰমিক ৷

মোনাবাৰী চাহ বাগিছাৰ পৰা বিশেষ প্ৰতিবেদন

বৰ্তমানত অসমৰ চাহ উদ্যোগৰ ক্ষেত্ৰত আহি পৰা ভয়াৱহ সংকটৰ সময়ত অশোকস্তম্ভ ৰূপে থিয় দিছে এই বৃহৎ বাগানখনে ৷ বাগিছাখনৰ কৰ্তৃপক্ষই শ্ৰমিক সকলক কিছু সা-সুবিধা প্ৰদান কৰি আহিছে যদিও বহু অভাৱ এতিয়াও আছে শ্ৰমিকসকলৰ ৷ কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল, এই সকল শ্ৰমিকে কোনো দিনা স্বাধীন ভাৱে নিজৰ অভাৱ অভিযোগ প্ৰকাশ কৰিব নোৱাৰে সংবাদ মাধ্যমত । বাগিছাখনৰ শ্ৰমিক সকলৰ সা সুবিধা অভাৱ পুৰণ কৰিবলৈ দাবী জনাইছে স্থানীয় যুৱক সকলে ।

মোনাবাৰী চাহ বাগিছা

উল্লেখযোগ্য যে, বৰ্তমান সময়ত বহুতো ব্যক্তিগত খণ্ডৰ চাহ বাগিছাৰ লগতে স্বয়ং McLeod Russel India Limited ৰ চাৰি পাঁচখনকৈ বাগান বিক্ৰী কৰাত শংকতি হৈ পৰিছে বাগানখনৰ কৰ্মৰত শ্ৰমিকসকল ৷ ইতিমধ্যে বজাৰত অসমৰ সেউজীয়া চাহ পাতৰ মূল্য কম হোৱাৰ বাবেই চাহ উদ্যোগটোৱে সন্মুখীন হৈছে বৃহৎ লোকচানৰ ৷ এই অকপট স্বীকাৰোক্তি প্ৰদান কৰিছে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

যোৱা এক আগষ্ট তাৰিখে "ইণ্ডিয়ান টি এচছিয়েছনে (ITA)" য়ে চৰকাৰলৈ মুকলিকৈ জনোৱা আৱেদনে উদঙাইছে অন্য এক ৰূপ ৷ আৱেদনখনত এটা কথা স্পষ্টকৈ উল্লেখ আছে যে বৰ্তমান সময়ত চাহ উদ্যোগৰ অৱস্থা একেবাৰেই শোচনীয় ৷ উৎপাদন ব্যয় বৃদ্ধিৰ বাবে বিগত বছৰত লাভাম্বিত হ'ব পৰা নাই উদ্যোগসমূহ ৷ ইয়াৰ বাবে চৰকাৰক কিছু বিশেষ পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছে সংস্থাটোৱে-

1. অনাগত 3 টা বছৰৰ বাবে চাহ উদ্যোগৰ সম্প্ৰসাৰণ বন্ধ কৰা
2. চাহপাতৰ নিলামৰ ক্ষেত্ৰত ন্যূনতম মূল্য ধাৰ্য কৰা
3. ব্ৰেণ্ড হিচাপে নহয়, সামুহিকভাৱে চাহপাতৰ বিজ্ঞাপনৰ ব্যৱস্থা কৰা
4. শ্ৰমিকৰ ভৱিষ্যনিধিৰ ধনৰ আৱন্টন চাহ উদ্যোগৰ পৰিৱৰ্তে অনাগত 3 বছৰৰ বাবে চৰকাৰে বহন কৰা

যি সময়ত ৰাজ্যৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী বিষয়টোৱে গুৰুত্ব লাভ কৰি আহিছে, সেই সময়ত ভাৰতৰ ভিতৰতে আটাইতকৈ বেছি কৰ্মচাৰী থকা ব্যক্তিগত খণ্ডৰ উদ্যোগটোৱে নিজে শ্ৰমিকৰ ভৱিষ্যনিধিৰ ধন বহন কৰিব নোৱাৰি চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়োৱা কাৰ্যই উদ্যোগটোৰ সংকটাপন্ন অৱস্থাৰ কথাকে প্ৰমাণ কৰিছে ৷

মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে, চাহপাতৰ ব্যৱসায়ৰ উন্নতিৰ স্বাৰ্থত আগন্তুক 3 বছৰৰ বাবে সেউজীয়া পাতৰ ওপৰত থকা কৰ কৰ্তন কৰিবলৈ তেওঁলোকে ইতিমধ্যে বিধানসভাত এখন বিল গৃহীত কৰিছে ৷ আনফালে নগাওঁ সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও লোকসভাত উত্থাপন কৰিছে এই প্ৰসংগ ৷

কৰ্মস্থলীত শ্ৰমিক
কৰ্মস্থলীত শ্ৰমিক

ভাৰতীয় চাহ বৰ্ডৰ অধ্যক্ষ অৰুণ কুমাৰ ৰয়ক উজনি অসমৰ কেইবাজনো চাহ ব্যৱসায়ীয়ে দিয়া এখন স্মাৰক পত্ৰত উল্লেখ কৰিছে যে, বিগত বৰ্ষত তেওঁলোকে সৰ্বাধিক লোকচানৰ সন্মুখীন হৈছে ৷ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বহু বেছি দিনলৈ বৰ্তি থাকিব নোৱাৰিব এই উদ্যোগটো ৷ এনে প্ৰেক্ষাপটত এহাতে চাহ উদ্যোগৰ ৰক্ষা আৰু আনহাতে চাহ শ্ৰমিকৰ ভৱিষ্যত সুৰক্ষা এই দুয়োটা বিষয়ত বিভাগীয় কৰ্তৃপক্ষই কেনেদৰে মোকাবিলা কৰিব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব ৷

লগতে চাওক- লাডেন ওৰফে কৃষ্ণৰ মৃত্যুক লৈ পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া

Intro:as_biswanath_801_16_nov_monabari_tea_vis_as10018

Body:as_biswanath_801_16_nov_monabari_tea_vis_as10018

Conclusion:as_biswanath_801_16_nov_monabari_tea_vis_as10018
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.