ETV Bharat / state

এ.পি.এছ.চি. পৰীক্ষাত উত্তীৰ্ণ জ‘লি দাসক সাক্ষাৎ বিধায়ক উৎপল বৰাৰ

author img

By

Published : Jan 11, 2021, 9:09 PM IST

সদ্যঘোষিত এ.পি.এছ.চি. পৰীক্ষাৰ ফলাফলত ১১৮ নং স্থান দখল কৰিছে গহপুৰ মহকুমাৰ অন্তৰ্গত ব্ৰহ্মাজান ৰাঙলীয়ালৰ মেধাৱী ছাত্ৰী জ'লি দাসে ৷ সোমবাৰে জ‘লি দাসৰ বাসগৃহত গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰা উপস্থিত হৈ জ'লি দাসক অভিনন্দন জ্ঞাপন কৰে ৷

mla utpal bora visited joli das recident
এ.পি.এছ.চি. পৰীক্ষাত উত্তীৰ্ণ জ‘লি দাসক সাক্ষাৎ বিধায়ক উৎপল বৰাৰ

বিশ্বনাথ, ১১ জানুৱাৰী : সদ্যঘোষিত অসম লোক সেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা(২০১৮)ৰ চূড়ান্ত ফলাফলত ১১৮ নং স্থান দখল কৰি সাফল্য অৰ্জন কৰিছে গহপুৰ মহকুমাৰ অন্তৰ্গত ব্ৰহ্মাজান ৰাঙলীয়ালৰ মেধাৱী ছাত্ৰী জ'লি দাসে ৷ সোমবাৰে জ‘লি দাসক গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাই বাসগৃহত উপস্থিত হৈ এখন ফুলাম গামোচা, এখন শৰাই আৰু এখন ডায়েৰীৰে তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি অনাগত প্ৰশাসনিক জীৱন যাত্ৰাৰ বাবে আৰ্শীবাদ জনায়। লগতে বিধায়কগৰাকীয়ে তেওঁৰ লগত কিছু সময় মতবিনিময় কৰি অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে চলোৱা প্ৰস্তুতিৰ বিষয়ে তেওঁৰ পৰা জনাৰ প্ৰয়াস কৰে।

উল্লেখ্য যে, গহপুৰ মহকুমাৰ অন্তৰ্গত ব্ৰহ্মাজান ৰাঙলীয়াল নিবাসী তথা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী অভিযন্তা প্ৰয়াত ক্ষিৰোদ কুমাৰ দাস আৰু ৰূপজ্যোতি দাসৰ সুযোগ্যা কন্যা জ'লি দাসে ঘোষিত ফলাফলত অসম অসামৰিক সেৱাৰ পদৰ বাবে বাছনি হৈছে।

লগতে পঢ়ক: অখিল গগৈৰ গোচৰ সন্দৰ্ভত ন্যায়ালয়ৰ ৰায় বিসংগতিপূৰ্ণ: ভাস্ক' ডি শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.