বিশ্বনাথ, 8 ডিচেম্বৰ: বিহালীত সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন মন্ত্ৰী ৰঞ্জিত দত্তৰ ৷ সোমবাৰে বিশ্বনাথৰ বিহালী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই বিহালী সমষ্টিৰ বাঘমৰাত কেইবাটাও সমূহীয়া ভৱনৰ আধাৰশিলা সমূহ স্থাপন কৰে ৷
বাঘমৰা উন্নয়ন খণ্ড কাৰ্যালয়ত অসম চৰকাৰৰ সংখ্যালঘু বিভাগৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ 1 কোটি 35 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগীয়া কমন চাৰ্ভিচ চেন্টাৰৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও 2019-20 বৰ্ষৰ বিধায়ক পুঁজিৰ দ্বাৰা গোস্বামী চুকত শিৱ মন্দিৰৰ সমীপত 3 লাখ টকা ব্যয় সাপেক্ষে এটা সমূহীয়া ভৱন নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰে ৷
সোমবাৰৰ দিনটোতেই মন্ত্ৰী গৰাকীয়ে আন বহুকেইটা সমূহীয়া ভৱনৰো আধাৰশিলা স্থাপন কৰে ৷ ইয়াৰ ভিতৰত আছে 5 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া মিজিকা গোৰ্খা লাইন দুৰ্গা মন্দিৰৰ সমুহীয়া ভৱন , 7 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগীয়া 2 নং বৰজাৰণী সাৰদা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ সমূহীয়া ভৱন , তিনিসুঁতি কালাহান্দি শিৱ মন্দিৰ প্ৰাঙ্গণত 5 লাখ টকা ব্যয় সাপেক্ষে এটা ৰংগমঞ্চ , বৰজাৰণী আঞ্চলিক শিৱ মন্দিৰ আৰু উত্তৰ জিনজিয়া নাৰায়ণ মন্দিৰৰ সমীপত অন্য দুটা সমূহীয়া ভৱন ৷
মন্ত্ৰী গৰাকীয়ে আধাৰশিলা স্থাপন কৰাৰ সময়ত মন্ত্ৰী গৰাকীৰ সৈতে বাঘমৰা মণ্ডল বিজেপি সভাপতি দধীৰাম শৰ্মা, জিনজিয়া জিলা পৰিষদৰ সদস্য, বিজেপি নেত্ৰী শেৱালি শৰ্মা, বাঘমৰা খণ্ড উন্নয়ন বিষয়া বিশ্বজিৎ ৰয় সহ বহুকেইগৰাকী লোক উপস্থিত থাকে ৷
লগতে পঢ়ক:9 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন আৰু সদ্ভাৱনা যাত্ৰা