ETV Bharat / state

সীমা বিবাদ: অসম-অৰুণাচল সীমান্ত পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ - অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

অসম আৰু অৰুণাচল সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত অব্যাহত আছে আলোচনা । দুয়োখন ৰাজ্যৰ প্ৰতিনিধিক লৈ গঠন কৰা আঞ্চলিক সমিতিৰ প্ৰতিনিধি হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা আজি উপস্থিত হয় অসম-অৰুণাচল সীমান্তত (Minister Piyush Hazarika visited Assam Arunachal border)৷

Minister Piyush Hazarika visited the Assam Arunachal border
সীমা বিবাদ নিষ্পত্তি উদ্দেশ্য অসম অৰুণাচল সীমান্ত পৰিদৰ্শন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই
author img

By

Published : Sep 2, 2022, 9:04 PM IST

বিশ্বনাথ, ২ ছেপ্টেম্বৰ:"দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰত্যক্ষ তত্বাৱধানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াই আমাক নিৰ্দেশনা দিছে কোন ক’ত কেনেকৈ থাকিব অথবা কোন কি অৱস্থাত আছে সেই বিষয়ে ৰাইজৰ লগত আলোচনা কৰি চৰজমিন তদন্ত কৰিবলৈ ৷ বৰষুণ হৈছে, নদীত পানী বাঢ়িছে ৷ তথাপি আহিবতো লাগিবই, দায়িত্ব পালন কৰিবতো লাগিবই ৷ সীমা সমস্য সমাধানৰ প্ৰতি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে গৃহমন্ত্ৰী ডাঙৰীয়াৰ যি আগ্ৰহ, লগত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকীৰ যি আগ্ৰহ, সেই আগ্ৰহৰ কাৰণেই আমি এনেকৈ দায়িত্ব পালন কৰিবলৈ বাধ্য ৷" সীমা বিবাদ নিষ্পত্তিৰ উদ্দেশ্য অসম-অৰুণাচল সীমান্ত পৰিদৰ্শন কৰি এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Piyush Hazarika visited Assam Arunachal border )৷

সীমা বিবাদ নিষ্পত্তি উদ্দেশ্য অসম অৰুণাচল সীমান্ত পৰিদৰ্শন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই

অসম আৰু অৰুণাচল সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত অব্যাহত আছে আলোচনা । দুয়োখন ৰাজ্যৰ প্ৰতিনিধিক লৈ গঠন কৰা আঞ্চলিক সমিতি প্ৰতিনিধি হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা আজি উপস্থিত হয় অসম-অৰুণাচল সীমান্তৰ বিহালী সমষ্টিৰ দীকালমুখ, বালিচ, দিপীক, পাচো আৰু বিহালী সমষ্টিৰ অন্তিম খন অৰুণাচল সীমান্ত তথা গাঁও বগীজুলিত (Resolving Assam Arunachal border disputes )।

উল্লেখযোগ্য যে অসম অৰুণাচল সীমান্তত থকা এই ৫ খন গাঁৱৰ সীমা সমস্যাকলৈ দুইখন ৰাজ্যৰ মাজত বিভিন্ন সময়ত সঘনাই সংঘাত সৃষ্টি হোৱা পৰিলক্ষিত হয় । এই সীমা সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এখন বৈঠকত অনুষ্ঠিত হৈছিল ।

উল্লেখযোগ্য যে দীৰ্ঘদিনীয়া এই সীমা সমস্যাটো সমাধানৰ আগ্ৰহ প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহে । ইফালে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী মাজত এই বৈঠকত অনুষ্ঠিত হৈছিল । বৈঠকৰ পিছতে যোৱা কেইবাদিন ধৰি দুয়ো খন ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে আলোচনা অব্যাহত আছে প্ৰতিনিধি দলৰ ।

এই আলোচনাৰ জড়িয়তে অসমৰ সীমা সমস্যা সমাধান আৰু অৰুণাচল সীমা বিবাদ নিষ্পত্তি কৰা শীঘ্ৰে তাৰ বাবে সঘনাই ৰাজ্য দুখনৰ প্ৰশাসনিক বিষয়া মন্ত্ৰী বিধায়কৰ উপস্থিতিত অব্যাহত ৰাখিছে আলোচনা । শুকুৰবাৰে অসম চৰকাৰৰ জনসংযোগ, জলসম্পদ মন্ত্ৰী তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকা উপস্থিত হয় অসম অৰুণাচল সীমান্তৰ বগীজুলি গাঁৱত।

অৰুণাচল চৰকাৰৰ প্ৰতিনিধি তথা অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা নাটুং, স্থানীয় বিধায়ক বিয়োৰাম ৱাঘে আৰু অৰুণাচল প্ৰদেশৰ জিলা উপায়ুক্ত ,আৰক্ষী অধীক্ষক বন বিষয়া আৰু লগতে বিশ্বনাথ জিলা প্ৰশাসনৰ লগতে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিতিত সীমা সমস্যা সমাধানৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয় মন্ত্ৰী হাজৰিকা ।

বৰ্তমান অসম অৰুণাচল সীমান্তত যি দৰে পূৰ্বৰে পৰা লোক সকলে বসবাস কৰি আছে সেইদৰেই সকলোৱে মিলাপ্ৰীতি ভাৱে বসবাস কৰি থাকিবলৈ আহ্বান জনাইছে সীমান্তবাসী ৰাইজক মন্ত্ৰীগৰাকীয়ে । যিহেতু সীমা বিবাদ সমস্যা সমাধান কৰোতে কিছু পলম হ'ব পাৰে যাৰ বাবে পূৰ্বৰ দৰে ভাই-ককাই যি দৰে থাকে সেই দৰে দুয়োখন ৰাজ্যৰ জনসাধাৰণ বসবাস কৰি থাকিবলৈ আহ্বান জনাই অৰুণাচলৰ স্থানীয় বিধায়ক আৰু মন্ত্ৰীয়ে ।

আনহাতে মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈ অসম-অৰুণাচল সীমান্তত বসবাস কৰা লোক সলকৰ সৈতে মত-বিনিময় কৰি শীঘ্ৰে সীমা বিবাদ নিষ্পত্তি হ'ব বুলি আশ্বাস দিয়ে সীমান্ত বাসীক ।

লগতে পঢ়ক: পীযুষৰ পাছত এইবাৰ জেহাদীৰ বিৰুদ্ধে মন্ত্রী জয়ন্ত মল্লৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.