বিশ্বনাথ,১৬ মাৰ্চ: বিশ্বনাথ সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই উপলক্ষে এক বাইক ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰী শৰ্মাই ৷ বিশ্বনাথৰ কেইবাখনো গাঁৱত মন্ত্ৰী গৰাকীয়ে বাইক ৰেলী কৰাৰ পাচতে বিশ্বনাথৰ চন্দ্ৰপুৰ বাকৰিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ।
সভাত মন্ত্ৰী গৰাকীয়ে কয়, "মই কংগ্ৰেছ দলত ২১ বছৰ আছিলো । এশ বছৰীয়া কংগ্ৰেছ দলত মহাত্মা গান্ধী আছিল, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল, দেশভক্ত তৰুণৰাম ফুকন আছিল, আনকি স্বাধীনতা আন্দোলনৰ সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাও আছিল । কিন্তু আজি এই কংগ্ৰেছ দলে বদৰুদ্দিন আজমলৰ বোকোচাত উঠি ল’লে বুলি মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷
'কাজিৰঙাৰ গঁড় কেইটাৰ পৰা বৰদোৱালৈকে, তেজপুৰৰ পৰা বিশ্বনাথলৈকে অসমীয়া মানুহক সংস্কৃতি-সভ্যতাক লৈ জীয়াই থাকিবলৈ নিদিব ৷ কংগ্ৰেছ দলে বদৰুদ্দিন আজমলৰ বোকোচাত উঠি লৈ অসমৰ সমগ্ৰ পৰিৱেশ বিনষ্ট কৰি পেলাইছে । অসমত কংগ্ৰেছে লাচিত আৰু চিলাৰায়ক ‘‘মডিফাই’’ কৰি চিৰাজুদ্দিন আৰু বদৰুদ্দিন আজমল কৰি দিলে"-হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয় ৷ উন্নয়ন স্বাৰ্থত এইবাৰ পুনৰ ৰাজ্যত বিজেপিৰ চৰকাৰ হ'ব বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰে ৷
লগতে পঢ়ক: আজমলক ভাগ্য নিয়ন্তা হ’বলৈ নিদিওঁ: সৰ্বানন্দ সোণোৱাল