ETV Bharat / state

নিৰ্বাচনৰ পিচত জেললৈ যাব লাগিব বিধায়ক শ্বেৰমান আলী : হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Nov 1, 2020, 7:47 PM IST

বিশ্বনাথত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ চাহ বাগিচাত বিদ্যালয় স্থাপনৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে উপস্থিত মন্ত্ৰী গৰাকী ৷ বিধায়ক শ্বেৰমান আলী সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

Minister Himanta Biswa Sarma Reaction On Miya Musueam
চাহ বাগিচাত বিদ্যালয় স্থাপনৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে বিশ্বনাথত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

বিশ্বনাথ, 1 নৱেম্বৰ : দেওবাৰে বিশ্বনাথত উপস্থিত হয় অসম চৰকাৰৰ স্বাস্থ্য তথা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । মন্ত্ৰী গৰাকী পুৱা 10 বজাত বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত উপস্থিত হৈ এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দিনৰ 12 বজাত আন এখন আদৰ্শ হাইস্কুল প্ৰতাপ গড় চাহ বাগিচাত আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে ।

উক্ত অনুষ্ঠানত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে মিঞা মিউজিয়াম সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ বিধানসভা নিৰ্বাচনৰ পিচত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীক জেললৈ প্ৰেৰণ কৰা হ'ব বুলি মন্তব্য প্ৰদান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

উল্লেখ্য যে, আধাৰশিলা স্থাপন কৰাৰ সময়ত মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে সাংসদ পল্লৱলোচন দাস, কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু গহপুৰৰ বিধায়ক উৎপল বৰা ।

লগতে পঢ়ক : কাজলগাঁৱত ইউ পি পি এলৰ নিৰ্বাচনী সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.