বিশ্বনাথ চাৰিআলি, ৫ এপ্ৰিল : সময় বাগৰাৰ লগে লগে আমাৰ মাজৰ পৰা হেৰাই গৈছে বহু বস্তু ৷ এতিয়া যান্ত্ৰিকতাৰ যুগ । সময় নাই মানুহৰ হাতত । আচলতে সকলোৱে আজিকালি যিকোনো বস্তু সহজতে বিচাৰে । যাৰ ফলত আমাৰ আবেগ বিজড়িত বহু বস্তু এতিয়া কেৱল নষ্টালজিয়া হৈ পৰিল ৷ লাহে লাহে আমাৰ মাজৰ পৰা হেৰায় যাবলৈ ধৰিছে আমি ব্যৱহাৰ নকৰাৰ ফলত বহু বস্তু । যেনে দীঘল এণ্টেনা এডালৰ সৈতে থকা তিনি বেটেৰীয়া ৰেডিঅ'টো যিদৰে হেৰাই গৈছে, লাহে লাহে আমাৰ মাজৰ পৰা ঠিক তেনেদৰে হেৰাই গ'ল সৌ সিদিনা আমি বিদ্যালয়ত ব্যৱহাৰ কৰা চিয়াঁহী কলমটো (memory of fountain pen) । যাক কোৱা হৈছিল নিজৰি কাপ ।
প্ৰায় দুটা দশকৰ পূৰ্বৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বহুল জনপ্ৰিয় চিয়াঁহী কলমটোৰ আদৰ লাহে লাহে কমি যোৱাৰ ফলত কিতাপৰ বিপণিসমূহতো সুলভ নোহোৱা হ'ল এই চিয়াঁহী কলমটো । কেৱল চিয়াঁহী কলমটোৱেই নহয়, বল পইণ্ট কলমটোৰো এতিয়া প্ৰায় ব্যৱহাৰ নোহোৱাই হ'ল (role of fountain pen in life) ৷ কাৰণ এই যান্ত্ৰিকতাৰ পৃথিৱীখনত পূৰ্বে ব্যৱহাৰ হোৱা তিনিটা আঙুলিৰ টিপত থকা কলমটো আমাৰ মাজৰ পৰা যেন আঁতৰি গৈছে । কিন্তু লগতে লগতে এতিয়া ব্যস্ত অধিকাংশ যুৱক-যুৱতী তথা ব্যক্তি কম্পিউটাৰৰ কীবোৰ্ডখনত (computerised world) । কাৰণ হাত বুলালেই যিহেতু এই কম্পিউটাৰটোত সকলো লিখিব পৰা হ'ল ।
তাৰ উপৰি আপোনাৰ, মোৰ চহীটোও বৰ্তমান সময়ত ডিজিটেল হ'ল (Digital world) ৷ যাৰ ফলত বহু বস্তু হেৰাই যোৱাৰ লগতে বিশেষকৈ আমাৰ মৰমৰ সেই চিয়াঁহী কলমটোও আমাৰ মাজৰ পৰা লাহে লাহে হেৰাই গ'ল (Digitalised signature) । কিন্তু তাৰ মাজতে এই হেৰাই যোৱা কলমটো পাহৰণিৰ গৰ্ভত বিলীন হ'বলৈ নিদি জীয়াই ৰখাৰ চেষ্টা বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট সমাজকৰ্মী দিলীপ কাকতিৰ । দিলীপ কাকতিয়ে বিদ্যালয়ত প্ৰথম চিয়াঁহী কলম ব্যৱহাৰ কৰাৰ পৰা সেই চিয়াঁহী কলমটো বিগত ৪০ বছৰৰো অধিক সময় ব্যৱহাৰ কৰি আহিছে ।
লগতে তেওঁ এই কলমটো সৰ্বদা ব্যৱহাৰ কৰি থাকিব বিচাৰে ৷ সেয়া লাগিলে অভ্যাসগতভাৱেই হওক, আবেগক বাধা দিব নোৱাৰিয়েই হওক অথবা মাদকতা কঢ়িয়ায়েই হওক । দিলীপ কাকতি হৈছে বিশ্বনাথ মহকুমা দণ্ডাধীশ ন্যায়ালয়ৰ এগৰাকী কৰ্মচাৰী ৷ সমাজকৰ্মী হিচাবেও পৰিচিত দিলীপ কাকতিয়ে ব্যৱহাৰ নকৰে বল পইণ্ট কলম ৷ ডিজিটেলাইজেচনে গ্ৰাস কৰা পৃথিৱীখনত আজিও সেই বৈ থকা নীলা চিয়াঁহীৰ কলমটোৰ গুৰুত্ব জীয়াই ৰাখিছে দিলীপ কাকতিয়ে ৷
পৃথিৱীখনৰ পৰা হেৰাই যোৱা এটি সমলক জীয়াই ৰখা কাকতিয়ে এই সন্দৰ্ভত কয়, "মই চিয়াঁহীৰ কলম ব্যৱহাৰ কৰোঁ ৷ এই কলমৰ ব্যৱহাৰে আমাৰ উপকাৰ সাধন কৰে । বল বা ডট কলম ব্যৱহাৰ কৰিলে লিখোঁতে এটা হেঁচা প্ৰয়োগ কৰিবলগীয়া হয় আৰু সেইবাবে দীঘলীয়া সময় ধৰি লিখি থাকিলে ডিঙিৰ ওচৰত এটা বিষ অনুভৱ হয় ৷ সময়ত আমাৰ ৰাজহাড় পৰ্যন্ত এই বিষ বিয়পিব পাৰে । অৰ্থাৎ বেমাৰে দেখা দিয়াৰ সম্ভাৱনা আছে ৷ চিয়াঁহী কলমত এই পাৰ্শ্বক্ৰিয়াৰ প্ৰভাৱ বেছি নপৰে আৰু দীঘলীয়া সময় ধৰি লিখি থাকিব পাৰি ৷"
লগতে পঢ়ক :Cyber crime:চেলেব্ৰিটীৰ পাচত এইবাৰ চাইবাৰ অপৰাধীৰ কৱলত কলেজৰ অধ্যাপক