ETV Bharat / state

গহপুৰত কৰ’ণাৰ বাহকৰ ৰূপত বিবাহ অনুষ্ঠান

ৰাজ্যজুৰি অব্যাহত আছে কৰ’ণাৰ ত্ৰাস ৷ কৰ’ণাৰ ত্ৰাসৰ মাজতে গহপুৰৰ গমিৰি অঞ্চলত বিবাহ অনুষ্ঠান আয়োজন ৷ ইয়াৰ পিছতে গাঁৱখনৰ ২৩ জনকৈ ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি । গহপুৰত এই পৰ্যন্ত ২৭৪ জনলৈ বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা ।

author img

By

Published : May 13, 2021, 8:44 PM IST

marriages-become-the-reason-for-mass-spread-of-covid-19
গহপুৰত কৰ’ণাৰ বাহকৰ ৰূপত বিবাহ অনুষ্ঠান

বিশ্বনাথ,১৩ মে': গহপুৰৰ গমিৰি অঞ্চলত কৰ’ণাৰ ত্ৰাসৰ মাজতে বিবাহ অনুষ্ঠান আয়োজনৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে গাঁৱখনৰ ২৩ জনকৈ ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি । বৰঙাবাৰীৰ এগৰাকী মহিলাৰ ক'ভিডত মৃত্যু হোৱাৰ পিছতেই পৰিয়ালটোৰ ৯ জন সদস্যৰ দেহতে ক'ভিডৰ অৱস্থিতি ধৰা পৰে ।

গহপুৰত কৰ’ণাৰ বাহকৰ ৰূপত বিবাহ অনুষ্ঠানগহপুৰত কৰ’ণাৰ বাহকৰ ৰূপত বিবাহ অনুষ্ঠান

মন কৰিবলগীয়া যে, এমাহ পূৰ্বে মৃত মহিলাগৰাকীৰ বাসগৃহতো অনুষ্ঠিত হৈছিল বিবাহ অনুষ্ঠান । ইফালে তৎকালীনভাৱে বৰঙাবাৰী বৰতানি গাঁৱবাসীক ৰাজহুৱা নামঘৰত ক'ভিড টেষ্ট কৰাৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে । গহপুৰৰ গ্ৰামাঞ্চলসমূহত বহুতো বিবাহ অনুষ্ঠান শেহতীয়াকৈ সম্পন্ন হৈ যোৱাৰ পিছতেই ক'ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱা বুলি শংকা প্ৰকাশ কৰিছে সচেতন মহলে । গহপুৰত এই পৰ্যন্ত ২৭৪ জনলৈ বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা ।

লগতে পঢ়ক: ভয়াৱহ ৰূপত কৰ'ণা: ঘণ্টাত তিনিজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.