ETV Bharat / state

Man Elephant Conflict : গহপুৰ হেলেমত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ

author img

By

Published : Dec 4, 2021, 8:30 PM IST

হেলেমৰ গমিৰিৰ নেপালী বস্তি, নেপালী পথাৰ, দীঘলী পথাৰকে আদি কৰি বিভিন্ন প্ৰান্তত এটা প্ৰকাণ্ড বনৰীয়া দঁতাল হাতীয়ে ওৰেটো নিশা তাণ্ডৱ চলাই ভাঙি পেলালে বহু পৰিয়ালৰ বাসগৃহ(Wild elephant attacks human residents in Helam) । বন বিভাগৰ লোকে হাতীটোক খেদি পঠিওৱাৰ অহৰহ চেষ্টা চলাই যদিও ঘন কুঁৱলিৰ বাবে বিফল হয়(Forest department fails to stop wild elephant attack ) ।

man-elephant-conflict-in-gohpur-assam
Man elephant conflict : গহপুৰ হেলেমত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ

বিশ্বনাথ, 4 ডিচেম্বৰ : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাতৰ ঘটনা(Man elephant conflict in Assam) ৷ বিভিন্ন সময়ত বনৰীয়া হাতীৰ আক্ৰমণত বাসস্থান আনকি জীৱন পৰ্যন্ত হেৰুৱাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এনে সংঘাতময় এলেকাৰ লোক সকলে ৷ উল্লেখযোগ্য যে, বিগত কেইবা দশকৰ পৰা অসমত হাতী আৰু মানুহৰ মাজত সংঘাত হৈ আহিছে ৷ ৰাজ্য চৰকাৰৰ বন বিভাগে এই জ্বলন্ত সমস্যাটো সমাধান কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও কোনো বিশেষ ফল লাভ কৰা নাই ৷

শেহতীয়াকৈ গহপুৰৰ হেলেমৰ গমিৰিৰ নেপালী বস্তীত, নেপালী পথাৰ, দীঘলী পথাৰকে আদি কৰি বিভিন্ন প্ৰান্তত এটা প্ৰকাণ্ড বনৰীয়া দঁতাল হাতীয়ে ওৰেটো নিশা তাণ্ডৱ চলাই ভাঙি পেলালে আঠটাকৈ পৰিয়ালৰ বাসগৃহ(Wild elephant attacks human residential area in Gohpur) । বন বিভাগৰ লোকে হাতীটোক খেদি পঠিওৱাৰ অহৰহ চেষ্টা চলাই যদিও ঘন কুঁৱলিৰ বাবে বিফল হয়(Forest department fails to stop wild elephant attack ) ।

পকী বেৰাৰ ঘৰ কিম্বা বাঁহৰ ঘৰৰ সকলো য’তে ততে ভাঙি মহতিয়াই লৈ গ’ল হাতীটোৱে । ফলত সমগ্ৰ অঞ্চলটোত ৰাইজে উজাগৰে নিশা কটাব লগীয়া হয় ।

উল্লেখযোগ্য যে, বন ধ্বংসৰ পৰিণতিত ক্ৰমান্বয়ে বনাঞ্চলসমূহ সংকুচিত হৈ অহাৰ বাবে বন্যপ্ৰাণীৰ খাদ্য দ্ৰব্যৰ লগতে বাসস্থানৰো অভাৱ হৈছে ৷ ফলত বন্যহস্তীসমূহে জনাঞ্চলত প্ৰৱেশ কৰিছে ৷ মানৱ সমাজে আজিও দেৱতা জ্ঞান কৰা বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা উদ্ধাৰ পাবৰ বাবে বনৰীয়া হাতীক খেদি পঠিয়াবলৈ মানৱ সমাজৰ প্ৰয়াস এক নিয়মীয়া কাম হৈ পৰিছে ৷

উল্লেখযোগ্য যে হাতীৰ পৰিসংখ্যাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ কৰ্ণাটকৰ (6049) পিছত দ্বিতীয় সৰ্ববৃহৎ ৰাজ্য অসম 2017 চনৰ লোকপিয়ললৈকে 5,719টা এছিয়ান হাতীৰ বাসস্থান ৷ ব্যাপক বনধ্বংস আৰু হাতীৰ খাদ্যৰ অভাৱৰ বাবে মানুহ আৰু হাতীৰ সংঘাত দিনক দিনে বৃদ্ধি পাইছে ৷ বন বিভাগে প্ৰদান কৰা প্ৰতিবেদন অনুসৰি অসমত যোৱা 10 বছৰত বনৰীয়া হাতীৰ আক্ৰমণত 890 জন লোকে প্ৰাণ হেৰুৱাইছে ৷ শোণিতপুৰ জিলাত এই সময়ত সৰ্বাধিক মৃত্যুৰ সংখ্যা হৈছে 124 জন, ওদালগুৰি জিলাত 118 জন আৰু গোৱালপাৰা জিলাত 78 জন লোকৰ মৃত্যু হৈছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ৰঙিয়াৰ নকুলৰ ৰাইজে পথাৰত দিছে সাঙৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.