বিশ্বনাথ, 23 জুলাই: শুকুৰবাৰে ঘোষিত হ’ল CBSEৰ দশম শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল (CBSE Class 10 results declared) ৷ CBSEৰ ফলাফলত বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী ছাত্ৰীয়ে । বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰী লোচনা বাচটোলাই (Lochana Bastola) CBSEৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত (CBSE 10th Results)ত সুখ্যাতিৰে উৰ্ত্তীণ হোৱাত উৎফূল্লিত গাঁওবাসী ।
বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নবোদয় বিদ্যালয় (JNV)ৰ ছাত্ৰী লোচনাই মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । চলিত বৰ্ষৰ পৰা স্থানপ্ৰাপ্তৰ নাম প্ৰকাশত কিছু নতুন নিয়ম বলবৎ কৰাত ছাত্ৰীগৰাকীৰ স্থান বৰ্তমানলৈ ঘোষণা কৰা নাই ৷
উল্লেখ্য যে, শ্বিলং মণ্ডলৰ জৱাহৰ নৱোদয় শিক্ষা সমিতিৰ অধীনৰ বিশ্বনাথৰ নৱোদয় বিদ্যালয় লোচনাই ইংৰাজী, গণিত, অসমীয়া, সমাজ বিজ্ঞান বিষয়ত ১০০ নম্বৰকৈ লাভ কৰাৰ বিপৰীতে বিজ্ঞান বিষয়ত ৯৯ নম্বৰ লাভ কৰিছে । 99.80 শতাংশ নম্বৰ লাভেৰে ৰাজ্যত জিলিকি উঠিছে মেধাৱী লোচনা ৷
সম্প্ৰতি বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন মেলিছে মেধাৱী ছাত্ৰীগৰাকীয়ে । ইফালে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ পৰা জানিব পৰা মতে, ছাত্ৰীগৰাকীয়ে কোনো নিৰ্দিষ্ট ৰুটিন অনুসৰণ নকৰাকৈ বিদ্যালয়ৰ শিক্ষাগুৰুৰ জৰিয়তে এই সফলতা লাভত অত্যন্ত সুখী লোচনাৰ পৰিয়াল ।
আনহাতে মেধাৱী ছাত্ৰীগৰাকীৰ ফলাফল লাভৰ পিছতে শ্বিলং মাণ্ডলিক কাৰ্যালয়ৰ শীৰ্ষ বিষয়াই লোচনাক অভিনন্দন জ্ঞাপন কৰে । বিশ্বনাথৰ গোপাল শৰ্মা বাচটোলা আৰু মেনকা বাচটোলাৰ কন্যা লোচনাই ষষ্ঠ শ্ৰেণীৰ পৰা বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অধ্যয়ন কৰি আহিছে ।
লগতে পঢ়ক: CBSE Result: চিবিএছই দশম শ্ৰেণীৰ ফলাফল ঘোষণা