ETV Bharat / state

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ

author img

By

Published : Feb 27, 2021, 1:38 PM IST

বিহালীত বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে বাগিচাই বাগিচাই জ্বলিল সৰ্বানন্দ সোণোৱাল,পল্লৱ লোচন দাস আৰু সঞ্জয় কিষাণৰ পুত্তলিকা । সমষ্টিটোৰ ১৫ খন চাহ বাগিচাত সাব্যস্ত হৈছে এই প্ৰতিবাদ ৷

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী

বিশ্বনাথ,২৭ ফেব্ৰুৱাৰী: চাহ শ্ৰমিকৰ নুন্যতম দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী উত্থাপিত হৈ অহাৰ পিছত ৰাজ্য চৰকাৰেও ঘোষণা কৰিছিল যে শীঘ্ৰে এই দাবী মানি লোৱা হ'ব । কিন্তু ৩৫১ টকাৰ দাবী আজিলৈ দাবী হৈয়ে থাকিল । ইয়াৰ প্ৰতিবাদতেই দুদিনীয়াকৈ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ আহ্বানত প্ৰতিবাদ সাব্যস্ত কৰা হয় । সমষ্টিটোৰ ১৫ খন চাহ বাগিচাত সংগঠনটোৰ আহ্বানমৰ্মে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই বিজেপি সাংসদ পল্লৱ লোচন দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ পুত্তলিকা দাহ কৰে ।

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত পল্লৱলোচন, সৰ্বানন্দ আৰু সঞ্জয় কিষাণৰ প্ৰতিমূৰ্তি দাহ
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ

বিহালীৰ মিজিকা, বৰগাং, ৰঙাগড়, বৰভিল, বৰগাওঁ, বেদেতী, বৰাজুলি, বিহালী, মোনাবাৰী, লাহৰীজান, বিহপুখুৰী, কলাপানী, কেটলা, জিনজিয়া, নিউলাইন আদি চাহ বাগিচাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে । শুকুৰবাৰে এই পুত্তলিকা দাহ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কেন্দ্ৰীয় নেতা লক্ষীকান্ত কুৰ্মী, বিশ্বনাথ মণ্ডলৰ সভাপতি নৰোত্তম চুণ্ডী আৰু সম্পাদক কৃষ্ণ পাইকে ।

উল্লেখ্য যে, দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অলপতে গুৱাহাটীলৈ আহি যি বিশাল সভাত ভাগ লৈ চাহ শ্ৰমিকক তিনি হাজাৰ টকাকৈ নগদ ধন বিতৰণ কৰিছিল, সেইখন সভাতো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সমুখত বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, চৰকাৰে শীঘ্ৰে মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিব ৷ যাৰ দ্বাৰা লাখ লাখ চাহ শ্ৰমিকৰ মুখত হাঁহি বিৰিঙি উঠিব । সেই অনুসৰি মজুৰি বৃদ্ধিৰ বাবে চৰকাৰে জ্যেষ্ঠ প্ৰশাসনিক বিষয়া জে বি এক্কাক লৈ এখন কমিটিও গঠন কৰি দিছিল । কিন্তু সেই কমিটিয়ে শেহতীয়াকৈ মজুৰি বৃদ্ধিৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া আশ্চৰ্যজনক ।

অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিবাদ
অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিবাদ

শ্ৰম বিভাগৰ প্ৰধান সচিব জে বি এক্কাই ২৩ ফেব্ৰুৱাৰীত জাৰি কৰা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ নিৰ্দেশ মৰ্মে বৰ্তমানে চাহ শ্ৰমিক সকলে লাভ কৰি থকা মজুৰিৰ সৈতে মাত্ৰ ৫০ টকাহে অন্তৰ্ৱৰ্তীকালীন সকাহ হিচাপে যোগ কৰা হৈছে । ফলত এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকে ৩২১ টকা আৰু বৰাক উপত্যকাৰ চাহ শ্ৰমিকে ২৯৯ টকাকৈ মজুৰি লাভ কৰিব । কাৰ্যতঃ ৩৫১ টকাৰ দাবী কেৱল দাবী হৈয়ে থাকিল । চৰকাৰৰ এনে কাৰ্যত ক্ষুব্ধ হৈ পৰিছে অসম চাহ মজদুৰ সংঘকে ধৰি চাহ জনগোষ্ঠীয় নেতাসকল ।

লগতে পঢ়ক:বৰচলা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দৌৰত কংগ্ৰেছ সভাপতি ৰিপুণ বৰা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.