বিশ্বনাথ, 2 জুলাইঃ গহপুৰৰ কলাবাৰী মডেল চিকিৎসালয়খন ৰূপান্তৰিত কৰা হৈছে COVID হাস্পতাল হিচাপে ৷ পূৰ্ণ গতিত চলি আছে চিকিৎসালয় খনক প্ৰস্তুতি ৷ COVID হাস্পতালৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে চিকিৎসালয় খনৰ ক্ষেত্ৰত ৷ চিকিৎসালয়খনত ইতিমধ্যে 4 গৰাকী চিকিৎসক নিয়োজিত কৰাৰ লগতে 7 গৰাকীকৈ নাৰ্ছ নিয়োজিত কৰা হৈছে ৷ কৰ'ণাৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷
লগতে পঢ়কঃ কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰ কৰিলে সুৰাপায়ী আৰক্ষীয়ে