ETV Bharat / state

Football Tournament: বিশ্বনাথত আন্তঃজিলা আৰক্ষী থানা ফুটবল প্ৰতিযোগিতা - MLA Padma Hazarika Pramod Barthakur and Ranjit Dutta present in the Competition

বিশ্বনাথত অনুষ্ঠিত আন্তঃজিলা আৰক্ষী থানা ফুটবল প্ৰতিযোগিতাখনিৰ শুকুৰবাৰে সামৰণি পৰে(Inter District Police Station Football Competition)।উক্ত প্ৰতিযোগিতাত বিহালী আৰক্ষী থানাই ১-০ গ'লৰ ব্য়ৱধানত বিজয়ী হ'বলৈ সক্ষম হয় । উক্ত প্ৰতিযোগিতাখনিত জিলাখনৰ ৮ টা দলে অংশগ্ৰহণ কৰে ।

Inter District Police Station Football Tournament
বিশ্বনাথত আন্ত:জিলা আৰক্ষী থানা ফুটবল প্ৰতিযোগিতা
author img

By

Published : Aug 6, 2022, 1:00 PM IST

বিশ্বনাথ, ৫আগষ্ট: বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত ১ আগষ্টৰ পৰা অনুষ্ঠিত আন্তঃজিলা আৰক্ষী থানা ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন শুকুৰবাৰে অনুষ্ঠিত হয় (Inter District Police Station Football Competition)। বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত চূড়ান্ত খেলখন শুভ উদ্ধোধন কৰে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক নবীন সিঙে ।

বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামত বিহালী আৰক্ষী থানা আৰু বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ মাজত অনুষ্ঠিত এই খেলখন প্ৰথমাৰ্ধত গ'ল শূণ্য ভাবে সমাপ্ত হয় । তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত দ্বিতীয়াৰ্ধৰ খেল অৰাম্ভ হোৱাৰ কিছু সময় পিছতে বিহালী আৰক্ষী দলে বিশ্বনাথ আৰক্ষীক ১ গ'ল দিবলৈ সক্ষম হয় । নিৰ্ধাৰিত সময়লৈকে খেলখন ১-০ ভাৱে সমাপ্ত হোৱাত বিহালী আৰক্ষী দলে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতাত শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে বিহালী আৰক্ষীৰ অমল বৰাই । আনহাতে, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ'লকিপাৰৰ সন্মান লাভ কৰে জেবিয়াৰ খাৰীয়াই ।

Inter District Police Station Football Tournament
বিশ্বনাথত আন্ত:জিলা আৰক্ষী থানা ফুটবল প্ৰতিযোগিতা

উক্ত প্ৰতিযোগিতাখনিত জিলাখনৰ ৮ খন আৰক্ষী থানাৰ ৮ টা দলে অংশগ্ৰহণ কৰে । বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাই আঁত ধৰা পুৰস্কাৰ বিতৰণী অনুষ্ঠানত উপস্থিত থাকে বিধায়ক পদ্ম হাজৰিকা,প্ৰমোদ বৰঠাকুৰ, ৰঞ্জিত দত্ত, উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাতে, বিজেপিৰ জিলা সভাপতি পংকজ বৰা আদি(MLA Padma Hazarika,Pramod Barthakur and Ranjit Dutta present in the Competition)। এই প্ৰতিযোগিতাখন সফলভাৱে সমাপ্ত হোৱাত বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক নবীন সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু উপ-আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই ক্ৰীড়াপ্ৰেমী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে ।

লগতে পঢ়ক:Assam arm wrestling player : আৰ্থিক সংকটত পাঞ্জা খেলুৱৈ আবেদ আলী হাজৰিকা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.