ETV Bharat / state

বিশ্বনাথত বিলাসী বাহনত উদ্ধাৰ অবৈধ অৰুণাচলী সুৰা - বিশ্বনাথ

বিশ্বনাথৰ বাঘমাৰীত দুখন বিলাসী বাহন দুৰ্ঘটনাত পতিত হয়  । অসম-অৰুণাচল সীমান্ত বালিজানৰ পৰা এখন আৰটিকা বাহনেৰে বিশ্বনাথৰ এজন সুৰা মাফিয়াই সুৰা ভৰ্তি নিজৰ ধাবালৈ নি থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা আন এখন গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয় দুয়োখন বাহন ।

কাৰ্টনে কাৰ্টনে উদ্ধাৰ অবৈধ অৰুণাচলী সুৰা
author img

By

Published : May 7, 2019, 12:55 PM IST

Updated : May 7, 2019, 1:44 PM IST

বিশ্বনাথ, 7 মে' : বিশ্বনাথৰ জিনজিয়া 15নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বিলাসী বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত পোহৰলৈ আহিল অৰুণাচলী সুৰা সৰবৰাহৰ তথ্য ৷

মঙলবাৰে বিশ্বনাথৰ বাঘমাৰীত দুখন বিলাহী বাহন দুৰ্ঘটনাত পতিত হয় । অসম-অৰুণাচল সীমান্ত বালিজানৰ পৰা এখন আৰটিকা বাহনেৰে বিশ্বনাথৰ এজন সুৰা মাফিয়াই সুৰা ভৰ্তি নিজৰ ধাবালৈ নি থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা আন এখন গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয় দুয়োখন বাহন । এই দুৰ্ঘটনাৰ পাচতে বিলাসী বাহনেৰে পোহৰলৈ আহে কাৰ্টনে কাৰ্টনে সুৰা কঢ়িয়াই অনাৰ তথ্য ৷ ইপিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে পলায়ন কৰে সুৰা ব্যৱসায়ীগৰাকীৰ লগতে চালকগৰাকী ৷

কাৰ্টনে কাৰ্টনে উদ্ধাৰ অবৈধ অৰুণাচলী সুৰা

স্থানীয় ৰাইজৰ খবৰ ভিত্তিত জিনজিয়া আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা বাহন দুখন লগতে বৃহৎপৰিমাণৰ সুৰাখিনি জব্দ কৰে ৷

Intro:as_bsw_wine_7m_2_vis_3photo_scrpt_as10018

Body:উত্তৰ অসমৰ বিশ্বনাথ লৈ অবৈধ অৰুণাচলী সুৰা সৰবৰাহ নতুন কৌশল সুৰা ব্যৱসায় ।
কাৰ্টনে কাৰ্টনে উদ্ধাৰ বিলাসী বাহনত অবৈধ অৰুণাচলী সুৰা ।

Conclusion:বিশ্বনাথৰ জিনজিয়া ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ এয়া মঙ্গল বাৰ দৃশ্য ।
দুখন বিলাসী বাসনৰ মাজত মুখামুখি সংঘৰ্ষ ।
এতিয়া যে অবৈধ অৰুণাচলী সুৰা মাফিয়া সুৰা সৰবৰাহ নতুন কৌশল সেই টো পোহৰলৈ আহিল এটা দুৰ্ঘটনা জৰিয়তে ।
আপুনি মই সকলো জানো বিলাসী বাহনত মানুহ অহা যোৱা কৰে কিন্তু বিশ্বনাথত এতিয়া বিলাসী বাহনত বিলাসী সুৰা সৰবৰাহ হয় ।
আপুনি যদিও বিশ্বাস নকৰে যদিও এয়া বৰ্তমান সময়ত সত্য ।
এই খন আৰটিকা ।
মঙলবাৰে এই বিলাহী বাসন খনত দুৰ্ঘটনাত পতিত হয় বিশ্বনাথৰ বাঘমাৰীত ।
অসম অৰুণাচল সীমান্ত বালিজানৰ পৰা এই আৰটিকা বিলাসী বাহন খনত বিশ্বনাথৰ এজন সুৰা মাফিয়া ই সুৰা ভৰ্তি কৰি নিজৰ ধাবালৈ নি থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা আন এখন গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ হোৱা ফলত দুৰ্ঘটনা গ্ৰস্ত হয় দুয়ো খন বাসন ।
ইফালে সুৰা কঢ়িয়াই অনা আৰটিকা বিলাসী বাহন খনৰ ওচৰত স্থানীয় ৰাইজ অহা লগতে লগতে সুৰাৰ কঢ়িওৱা গাড়ী খনৰ সুৰা ব্যৱসায় আৰু চালক জন পলায়ন কৰে ।
ইফালে স্থানীয় ৰাইজৰ খবৰ ভিত্তিত জিনজিয়া আৰক্ষী উপস্থিত হৈ বাসন দুখন জব্দ কৰাত আৰটিকা খনৰ পৰা কাৰ্টনে কাৰ্টনে অবৈধ অৰুণাচলী সুৰা উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
উল্লেখযোগ্য যে একাংশ সুৰা মাফিয়াই এতিয়া সুৰা সৰবৰাহ ক্ষেত্ৰত যে বিলাসী বাসন ব্যৱহাৰ কৰিছে এই দুৰ্ঘটনা জৰিয়তে হে পোহৰলৈ আহিল ।
বিভিন্ন সময়ত আৰক্ষীয়ে একমাত্ৰ মালবাহী গাড়ী সমুহত হে তালাচি চলাইছিল কিন্তু এতিয়া পৰা যে আৰক্ষী চকুত বিলাসী বাহনত সুৰাৰ সৰবৰাহ কৰা ক্ষেত্ৰত কিছু বাধা আহিব সেই টো প্ৰায় নিশ্চিত ।
আনহাতে দুৰ্ঘটনা সংঘটিত এজন লোক আহত হয় ।
দুৰ্ঘটনাত ক্ষত ক্ষতি হোৱা বাহন দুনৰ নম্বৰ (AS04M8600 আৰটিকা) AR01E1135 আন খনৰ ।
ৰহস্য জনক কথাটো হ'ল অৰুণাচল পঞ্জীয়ন বাহন খনত এটা শিশু আছিল বুলি প্ৰত্যক্ষদৰ্শী লোকে প্ৰকাশ কৰিছে যদিও গাড়ী চালক জনে এই কথা নহয় বুলি প্ৰকাশ কৰে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ইটিভি ভাৰত অসম

Last Updated : May 7, 2019, 1:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.