ETV Bharat / state

চতিয়াত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন হিমন্ত বিশ্ব শৰ্মাৰ

ব্লাডবেংকৰো আধাৰশিলা স্থাপন

বিশ্বনাথ-চতিয়াত উপস্থিত মন্ত্ৰী হিমন্ত শৰ্মা
author img

By

Published : Feb 27, 2019, 11:26 PM IST

বিশ্বনাথ, ২৭ ফেব্ৰুৱাৰীঃ বিশ্বনাথ জিলা চতিয়াত বুধবাৰে উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । উপস্থিত হৈয়ে চতিয়া সমষ্টিৰ এৰিয়ামলা বাৰিত ৩০ খন যুক্ত বিছনা চতিয়া সামূহিক চিকিৎসালয় আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকে সাংসদ আৰ পি শৰ্মা, বিধায়ক পদ্ম হাজৰিকা, ঢেকিয়াজুলী বিধায়ক, বিশ্বনাথ বিধায়ক প্ৰমোদ বৰঠাকুৰ ।

চতিয়া সামুহিক চিকিৎসালয় আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্তৰ

আনহাতে ২০০ বিচনাযুক্ত বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্যৰ মাংগলিক শুভাৰম্ভ কৰাৰ লগতে ব্লাড বেংকৰআধাৰশিলা স্থাপন কৰে বিশ্বনাথত মন্ত্ৰীগৰাকীয়ে ।

এক দীৰ্ঘদিনীয়া অভাৱ পুৰণ কৰিলে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । বহু বছৰৰ পৰাই যমৰ যন্ত্ৰণা ভোগিব লগা হৈছিল বিশ্বনাথবাসী ৰাইজে । কাৰণ, বিশ্বনাথত নাছিল এখনো ৰক্ত ভাণ্ডাৰ । বিশ্বনাথৰ পৰা কমেও ৭০ কিল মিটাৰ নিলগত তেজপুৰৰ পৰা ৰক্ত আনিবলগীয়া হোৱাত বহু দুখীয়া ৰাইজ মৃত্যুৰ মুখত পৰিব লগীয়া হৈছিল । লগতে বিশ্বনাথ জিলাৰ বৃদ্ধি হোৱা জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ ১০০ খন বিছনাযুক্ত বিশ্বনাথ অসামৰিক চিকিৎসালয় খন ২০০ বিচনাযুক্ত জিলা চিকিৎসালয়লৈ উন্নত কৰাৰ কামৰো শুভাৰম্ভ কৰে মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ৭০০ টকাকৈ দিয়াৰ কথা উল্লেখ কৰি কয়, আমাৰ লক্ষ্য় পিতৃ-মাতৃৰ খৰচ কৰিব নালাগে ।

অন্যহাতে, সভাত মন্ত্ৰী গৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে সদৌ অসম ছাত্ৰ সন্থাক সমালোচনা কৰি কয় যে, তোমালোকে বজ্ৰ নিনাদ কৰা আৰু মই বিকাশৰ নিনাদ কৰিম ।

Intro:A_BISWANATH_SOOTEA_HIMANTA_27F_802

Body:A_BISWANATH_SOOTEA_HIMANTA_27F_802

Conclusion:A_BISWANATH_SOOTEA_HIMANTA_27F_802
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.