ETV Bharat / state

সাংবাদিকৰ সহযোগত বৃদ্ধাশ্ৰমত আশ্ৰয় পালে অসহায় বৃদ্ধই

author img

By

Published : Sep 19, 2020, 11:11 AM IST

ঘৰ-দুৱাৰ, সা-সম্পত্তি সকলো থাকিও এতিয়া পদ পথৰ বাসিন্দা অবিবাহিত এজন লোক ৷ একালত সকলো থকা এই ব্যক্তিগৰাকীৰ বিবাহিত ভগ্নীয়ে একাংশ দালালৰ সহযোগত বিক্ৰি কৰি দিলে ব্যক্তিগৰাকীৰ সকলো সা-সম্পত্তি ৷ ফলত সম্প্ৰতি পথপথৰ বাসিন্দা হৈ পৰিল এইগৰাকী বৃদ্ধ ।

HELPLESS OLD MAN RESCUED FROM SOOTIA
সাংবাদিকৰ সহযোগত বৃদ্ধাশ্ৰমত আশ্ৰয় পালে অসহায় বৃদ্ধই

চতিয়া,১৯ চেপ্তেম্বৰ: চৰকাৰে বৃদ্ধ লোকসকলৰ আশ্ৰয় তথা নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সময়ত প্ৰণয়ন কৰা বিভিন্ন আঁচনিয়েও যেন সুৰক্ষিত কৰিব পৰা নাই একাংশ অসহায় বৃদ্ধক ৷ শুকুৰবাৰে নিশাও তেনে এক ঘটনাই পোহৰলৈ আহিছে বিশ্বনাথ জিলাৰ চতিয়াত ৷ সন্ধিয়া বিশ্বনাথ জিলাৰ চতিয়াৰ ৰাজপথত উদ্ধাৰ হয় এগৰাকী অসহায় বৃদ্ধ ৷

লগতে পঢ়কঃ বিলাসীপাৰাত আৰক্ষীৰ অভিযানত জব্দ চোৰাং কাঠসহ কাঠ ফলা মেচিন

সন্ধিয়া চতিয়াৰ ৰাজপথত উদ্ধাৰ হোৱা সত্তৰউদ্ধৰ অসহায় বৃদ্ধ গৰাকীৰ নাম নাৰায়ন দাস ৷ ঘৰ বিশ্বনাথ জিলাৰ গুপ্তকাসি খ্যাত বিশ্বনাথ ঘাটত । অবিবাহিত এইজন লোকৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি সকলো থাকিও এতিয়া হৈ পৰিল পদ পথৰ বাসিন্দা ৷ একালত সকলো থকা এই ব্যক্তিগৰাকীৰ বিবাহিত ভগ্নীয়ে একাংশ দালালৰ সহযোগত বিক্ৰি কৰি দিলে ব্যক্তিগৰাকীৰ সকলো সা-সম্পত্তি ৷ ফলত সম্প্ৰতি পথপথৰ বাসিন্দা হৈ পৰিল এইগৰাকী বৃদ্ধ । নিশা হ'লে ৰাজপথৰ কাষত দোকান, হোটেল অথবা অন্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাৰাণ্ডাতে নিশা অতিবাহিত কৰিবলৈ বাধ্য হৈ পৰিছে বৃদ্ধগৰাকীয়ে ৷

শুকুৰবাৰে নিশাও এনেদৰে অনাই-বনাই ঘূৰি ফুৰা বৃদ্ধগৰাকীক উদ্ধাৰ কৰি চতিয়াৰ এখন বৃদ্ধাশ্ৰমত থকা-খোৱৰ সকলো ব্যৱস্থা কৰি দিলে যুৱ সাংবাদিক উত্তম নাথে ৷ যোৱা নিশা এইগৰাকী বৃদ্ধাক চতিয়াৰ নাভিকেন্দ্ৰত অকলশৰে ঘূৰি ফুৰা প্ৰত্যক্ষ কৰি জ্যোতি টেক্সি ষ্টেণ্ডৰ সদস্য সকলে যুৱ সাংবাদিক উত্তম নাথক খবৰ দিয়ে ৷ সাংবাদিক উত্তম নাথৰ তৎপৰতাতে বৰ্তমান চতিয়াৰ বয়োজেষ্ঠৰ আশ্ৰম নামৰ বৃদ্ধাশ্ৰম খনত আশ্ৰয় প্ৰদান কৰা হৈছে নাৰায়ন দাস নামৰ বৃদ্ধ লোকগৰাকীক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.