ETV Bharat / state

কন্যকা বহুমুখী কৃষি পামত থলুৱা প্ৰজাতিৰ ধানৰ কঠিয়া ৰোপণ

author img

By

Published : Jul 1, 2020, 1:21 PM IST

কৃষি বিপ্লৱৰ সূচনাৰে কন্যকা বহুমুখী কৃষি পামত ৰোপণ কৰা হৈছে থলুৱা প্ৰজাতিৰ কেইবাটাও উন্নত মানৰ লগতে পথাৰৰপৰা হ্ৰাস পোৱা ধানৰ কঠিয়া ৷ ৰোৱনীসকলক এই কাৰ্যত উৎসাহ যোগাই চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷

Hard planting of paddy variety in Kanyaka Multipurpose Agricultural Palm sootea biswanath assam etv bharat news
কন্যকা বহুমুখী কৃষি পাম

চতিয়া,1 জুলাই: এফালে কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস,আনফালে লক ডাউনৰ মাজতে বানৰ তাণ্ডৱ ৷ ইয়াৰ মাজতে বাৰিষাৰ পথাৰত ব্যস্ত হৈ পৰিছে কৃষকসকল ৷ সমান্তৰালকৈ পথাৰৰ বোকাত সোণগুটি গজাৰ প্ৰত্যাশাৰে কঠিয়া ৰোপণ কৰাত ব্যস্ত এজাক ৰোৱনী ৷ চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ কন্যকা বহুমুখী কৃষি পামত দেখা গৈছে এই দৃশ্য ৷

কৃষি বিপ্লৱৰ সূচনাৰে পামখনত বতৰৰ বিভিন্ন খেতিৰ লগতে প্ৰায় 500 বিঘা মাটিত ধানৰ বীজ উৎপাদনৰ বাবে দুশ ৰোৱনীয়ে কঠিয়া ৰোপণ কৰে পথাৰত ৷ মেজিক ৰাইচ খ্যাত কুনকুনি জহা,মাণিকী মধুৰী,কেতেকী জহা,পদুমী জহা,কলা জহাকে ধৰি থলুৱা প্ৰজাতিৰ কেইবাটাও উন্নত মানৰ লগতে পথাৰৰপৰা হ্ৰাস পোৱা ধানৰ কঠিয়া ৰোপণ কৰে এইসকল ৰোৱনীয়ে ৷ ৰোৱনীসকলক এই কাৰ্যত উৎসাহ যোগাই চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷ কন্যকা কৃষি পামৰ এই প্ৰচেষ্টাৰ জৰিয়তে অনাগত দিনত পথাৰসমূহৰ পৰা ক্ৰমাৎ বিলুপ্ত হ’বলৈ ধৰা থলুৱা প্ৰজাতিৰ ধানৰ গুণাগুণ ৰাজ্যৰ লগতে দেশৰ চুকে-কোণে জিলিকাই তুলি কৃষি প্ৰধান ৰাজ্যখনৰ নাম উজলাই তোলাৰ লক্ষ্য বান্ধি লৈছে কন্যকাৰ গুৰি ধৰোতাস্বৰূপ বিধায়ক হাজৰিকাই ৷

কন্যকা বহুমুখী কৃষি পামৰ অন্যতম প্ৰচেষ্টা

ইয়াৰোপৰি কৰ্মৰ জৰিয়তে পথাৰ আৰু বজাৰ দখলৰ ওপৰত গুৰুত্ব আৰোপ কৰা বিধায়কগৰাকীয়ে কৃষকসকলৰ উপকাৰৰ বাবে চৰকাৰে নিয়োগ কৰা বিষয়া-কৰ্মচাৰীসকলকো শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি কৃষি কাৰ্যৰ প্ৰণালী পৰিচালনা কৰাৰ পৰিৱৰ্তে জন সাধাৰণৰ মাজত থাকি বাস্তৱ সন্মত পৰামৰ্শৰে কৃষকসকলক সহায় আগবঢ়োৱাৰ প্ৰতি গুৰুত্ব দিবলৈ আহবান জনাই বিধায়কগৰাকীয়ে ৷

লগতে চাওকঃ ৰজনীগন্ধাৰ খেতি কৰি বিপাঙত বাক্সাৰ খেতিয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.