ETV Bharat / state

বিশ্বনাথত হেকাৰে লুটিলে গ্ৰাহকক - পোন্ধৰ হাজাৰ টকা উলিয়াই নিয়ে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া এটিএম হেকাৰৰ সন্ত্ৰাস ৷ গুৱাহাটীৰ পিচতে এইবাৰ বিশ্বনাথৰ পৰা হেকাৰে লুটিলে গ্ৰাহকৰ ধন ৷

বিশ্বনাথত হেকাৰে লুটিলে গ্ৰাহকক
author img

By

Published : Sep 12, 2019, 11:37 PM IST

বিশ্বনাথ চাৰিআলি, 12 চেপ্তেম্বৰঃ ৰাজ্যত এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে একাংশ হেকাৰে, যিকোনো মূহুৰ্ততে হেকাৰে লৈ যাব পাৰে কষ্টৰে অৰ্জন কৰা সাঁচতীয়া ধন ৷ গুৱাহাটীৰ পিচত এইবাৰ বিশ্বনাথ এটিএম হেকাৰৰ সন্ত্ৰাস ৷

বিশ্বনাথৰ মহিন্দ্ৰা ফাইনেঞ্চত গাৰ্ডৰ কাম কৰা সোমেশ্বৰ হাজৰিকা নামৰ লোকজনৰ পৰা হেকাৰে লুটি নিয়ে 18 হাজাৰ টকা ৷ বিশ্বনাথ চাৰিআলিৰ বেংক অৱ ইণ্ডিয়া শাখাত একাউন্ট থকা ব্যক্তিগৰাকীৰ পৰা হেকাৰে মঙলবাৰে লুটি নিয়ে কষ্টৰে আৰ্জিত ধন ৷

বিশ্বনাথত হেকাৰে লুটিলে গ্ৰাহকক

প্ৰথম অৱস্থাত মঙলবাৰে পাঁচ হাজাৰকৈ পোন্ধৰ হাজাৰ টকা উলিয়াই নিয়ে ৷ বুধবাৰে এই কথা বেংক মেনেজাৰক জনাবলৈ যাঁওতে মেনেজাৰৰ সন্মুখতে পুনৰ তিনিহাজাৰ টকা লুটি নিয়ে হেকাৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকজনে বিশ্বনাথ চাৰিআলি আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰিছে ৷

Intro:as_biswansth_805_12_seb_bank_ account_
hack_vis_byte_scept_as10018Body:as_biswansth_805_12_seb_bank_ account_
hack_vis_byte_scept_as10018Conclusion:as_biswansth_805_12_seb_bank_ account_
hack_vis_byte_scept_as10018

বিশ্বনাথত বেংক একাউন্ট হেকৰ লুটি নিলে টকা ভুক্তভোগী থানাত গোচৰ

ৰাজ্যত এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে একাংশ হেকাৰে বেংক একাউণ্ট ধাৰীক ।
যি কোনো মূহুৰ্ততে হেকাৰে হেক কৰি লৈ যাব পাৰে আপোনাৰ একাউন্টৰ পৰা কষ্টৰে অৰ্জন কৰা সাচতীয়া ধন। তেনে এক ঘটনা সংঘটিত হৈছে
বিশ্বনাথত।
বিশ্বনাথৰ মহিন্দ্ৰা ফাইনেঞ্চত গাৰ্ডৰ কাম কৰা এই লোকজনৰ নাম হ'ল সোমেশ্বৰ হাজৰিকা।
এই লোকজনৰ নামত বেংক অৱ ইণ্ডিয়া, বিশ্বনাথ চাৰিআলি শাখাত আছে এটা একাউন্ট।

কিন্তু যোৱা মঙ্গলবাৰে এই লোকজনৰ বেংক একাউন্টত পৰিল হেকাৰৰ চকু।

সম্পূৰ্ণ মাহ কাম কৰি একাউন্টত সোমোৱা দৰমহাৰ টকা মূহুৰ্ততে হেকাৰে হেক কৰি লৈ গ'ল।
যোৱা মংগলবাৰে প্ৰথমে লোক জনৰ মবাইলত এটা মেচেজ আহিল যে তেওঁৰ একাউন্টৰ পৰা পাচ হাজাৰ টকা উলিওৱা হৈছে।লগে লগে হুৱা দুৱা লাগিল।

কাৰন লোকজনৰ ATM কাৰ্ড নিজৰ লগত থকা অবস্হাত তেওৰে একাউন্টৰ পৰা কোনে কেনেকৈ উলিয়ালে এই টকা।চাওতে চাওতে লোকজনৰ একাউন্টৰ পৰা সেইদিনাই হেকাৰে হেক কৰি লৈ গ'ল পাঁচ হাজাৰ পাঁচ কৈ পোন্ধৰ হাজাৰ টকা।
বুধবাৰে লোকজনে এই বিষয়ে বেংক কতৃপক্ষক জনাবলৈ আহোতে পুণৰ বেংকৰ মেনেজাৰে একাউন্টৰ সবিশেষ চাই থকা সময়তে হেকাৰে একাউন্টতোৰ পৰা উলিয়াই নিলে তিনি হাজাৰ টকা।

মুঠ ১৮ হাজাৰ টকা লোক জনৰ একাউন্টৰ পৰা হেক কৰি লৈ গ'ল হেকাৰে।
কিন্তু এটা কথা কব লাগিব যে জনসাধাৰনৰ টকা যদি বেংকৰ একাউন্টতো সুৰক্ষিত নহয় তেনেহলে থব ক'ত এতিয়া সাধাৰণ মানুহৰ মাজত প্ৰশ্ন উত্থাপন হৈছে ।
ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা হেকাৰক নাকী লগাবলৈ সক্ষম হ'বনে ৰাজ্যৰ স্মাৰ্ট পুলিচে।ইতিমধ্যে ভোক্তভূগী লোকজনে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কি ব্যবস্হা গ্ৰহন কৰে সেইটো লক্ষণীয় হ'ব।

বাইট - ভুক্তভোগী

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.