বিশ্বনাথ,30 মে': অসম চৰকাৰ নতুন মন্ত্ৰীসভাই দায়িত্ব লোৱাৰ পিছতে দুই-এজন মন্ত্ৰী যথেষ্ট সক্ৰিয় হোৱা দেখা গৈছে । বিভিন্ন জিলালৈ গৈ নিজৰ বিভাগৰ বুজ লৈছে মন্ত্ৰীসকলে । বাৰিষা অহাৰ লগে লগে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বিভিন্ন স্থানৰ সাম্ভাব্য বান পৰিস্থিতিৰ বুজ লৈছে ।
শনিবাৰে সন্ধিয়া গহপুৰ সমষ্টিত উপস্থিত হয় মন্ত্ৰীগৰাকী । সমষ্টিটোৰ চত্ৰং নদীৰ খহনীয়া পৰিদর্শন কৰি নৈপৰীয়া অঞ্চলসমূহৰ সাম্প্ৰতিক স্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে । নৈপৰীয়া ৰাইজক সাম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীক নিৰ্দেশ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই ।
ইফালে পৰিদৰ্শনৰ সময়ত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাসহ বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক: মূল্যবৃদ্ধিক লৈ সৰৱ অসম জাতীয় পৰিষদ