ETV Bharat / state

গহপুৰত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

author img

By

Published : Jan 26, 2021, 5:24 PM IST

গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস পালন । গণৰাজ্য দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰে গহপুৰ মহকুমাৰ মহকুমাধিপতি আদিত্য বিক্ৰম যাদৱে ।

গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস পালন

বিশ্বনাথ, ২৬ জানুৱাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিশ্বনাথ জিলাৰ গহপুৰতো আজি উলহ-মালহেৰে ৭২ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয় । গহপুৰৰ হাইস্কুল খেলপথাৰত গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱসৰ অনুষ্ঠান আয়োজন কৰা হয় । আজিৰ অনুষ্ঠানত পুৱা ৯ বজাত পতাকা উত্তোলন কৰে গহপুৰ মহকুমাৰ মহকুমাধিপতি আদিত্য বিক্ৰম যাদৱে ।

ইয়াৰ পিছতে উপস্থিত ৰাইজক উদ্দেশ্যি তেওঁ ভাষণ প্ৰদান কৰে । আৰক্ষী জোৱান, এন চি চি, বিভিন শিক্ষানুষ্ঠানৰ স্কাউট আৰু গাইডৰ দলে কুচ-কাৱাজ প্ৰদৰ্শন কৰে । অনুষ্ঠানত গহপুৰ মহকুমাৰ বিভিন্ন বিভাগৰ প্ৰতীকপটো প্ৰদৰ্শন কৰা হয় । মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে নিৰ্ধাৰণ কৰা স্বাস্থ্যবিধি মানি আজি গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক:মুকালমুৱাত কৃষি আইন বাতিলৰ দাবীত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.