বিশ্বনাথ ১৯ নৱেম্বৰ: বৃহস্পতিবাৰে গহপুৰৰ বৰঙাবাৰীত জি এন এম বিদ্যালয়,পেৰামেডিকেল প্ৰতিষ্ঠানৰ এখন শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা ৷ মন্ত্ৰী গৰাকীয়ে ''মিঞা সভ্যতা,মিঞা সংস্কৃতি,মিঞা কবিতা,মিঞা বিদ্যালয়'' এইবোৰ গহপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক,কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰাৰ প্ৰত্যক্ষ প্ৰচেষ্টাত অসমত গঢ়ি উঠিছে বুলি মন্তব্য কৰে। ৰিপুন বৰাই এতিয়া জীৱনৰ শেষ সময়ছোৱা মিঞাৰ কোলাত নিজকে প্ৰতিপালন কৰিব খুজিছে বুলি মন্তব্য কৰে মন্ত্ৰী শৰ্মাই ।
বৃহস্পতিবাৰে পুৱাৰ ভাগত গহপুৰত উপস্থিত হোৱা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে দিপৰাস্থিত মা কল্যাণী দেৱালয়ত প্ৰাৰ্থনা জনাই গহপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী দৈমালুৰ এখন সভাত অংশগ্ৰহণ কৰে । দৈমালুৰ পৰা ১৪ কিলোমিটাৰ পথ চাইকেল ৰেলী কৰি কলাবাৰীলৈ অহা মন্ত্ৰী গৰাকীয়ে কলাবাৰীৰ পৰা বৰঙাবাৰীলৈকে বাইক ৰেলীৰে বৰঙাবাৰীত উপস্থিত হয় । বৰঙাবাৰী মজলীয়া বিদ্যালয় চৌহদৰ ২২ বিঘা ভূমিত স্থাপন হ'ব লগা জি এন এম স্কুল আৰু পেৰামেডিকেল প্ৰতিষ্ঠানৰ আধাৰশীলা স্থাপন কৰাৰ লগতে গৃহ নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰে মন্ত্ৰী গৰাকীয়ে ।
সভাত মন্ত্ৰী ৰঞ্জিত দত্ত,সাংসদ পল্লৱ লোচন দাস,সাংসদ বিশ্বজিৎ দৈমাৰী,গহপুৰৰ বিধায়ক উৎপল বৰা,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত থাকে ।
অন্য এক খবৰৰ বাবে: নিৰ্বাচন সন্দৰ্ভত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সংবাদমেল