ETV Bharat / state

5 মিনিটত দুবাৰ ভেকচিন ল’লে এগৰাকী যুৱতীয়ে : ভুল কাৰ ? - covid vaccination camp

শনিবাৰে ওড়িশাত এজন বৃদ্ধ লোকক মাত্ৰ ৩০ মিনিটৰ ভিতৰত কৰ’ণাৰ দুটা পালি প্ৰদান কৰাৰ ঘটনা সংঘটিত হোৱাৰ পাছতে এইবাৰ অসমতো পোহৰলৈ তেনে এক অনুৰূপ ঘটনা ৷ বিশ্বনাথৰ বিহালীত এগৰাকী যুৱতীক একেদিনাই ২টাকৈ ক’ভিড ভেকচিন (Covid vaccine) প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাই সম্প্ৰতি সচেতন মহলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

GIRL GIVEN TWO DOSES OF COVID VACCINE WITHIN 5 MINUTES IN BIHALI
5 মিনিটত দুবাৰ ভেকচিন ল’লে এগৰাকী যুৱতীয়ে; ভুল কাৰ?
author img

By

Published : Jun 23, 2021, 10:55 PM IST

বিশ্বনাথ, 23 জুন: দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ সংহাৰ ৷ তাৰ সমান্তৰালকৈ অব্যাহত আছে ক’ভিডৰ প্ৰতিষেধক প্ৰদান অভিযানো ৷ শেহতীয়াভাৱে কেন্দ্ৰ চৰকাৰে আৰম্ভ কৰা Mega Vaccination Drive কাৰ্যসূচীৰ অধীনত ৰাজ্যসমূহত অব্যাহত আছে ক’ভিডৰ টীকাকৰণ অভিযান ৷

বিভিন্ন স্থানৰ ক’ভিডৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহতো দৈনিক প্ৰতিষেধক ল’বলৈ উপস্থিত হৈছে বহু লোক ৷ কিন্তু প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ মাজতে একাংশ ঠাইত স্বাস্থ্যকৰ্মীৰ হেমাহিৰ ঘটনাও পোহৰলৈ আহিছে ৷ শেহতীয়াভাৱে শনিবাৰে ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ এজন বৃদ্ধ লোকক মাত্ৰ ৩০ মিনিটৰ ভিতৰত কৰ’ণাৰ দুটা পালি প্ৰদান কৰাৰ ঘটনা সংঘটিত হোৱাৰ পাছতে এইবাৰ অসমতো পোহৰলৈ তেনে এক অনুৰূপ ঘটনা ৷ বিশ্বনাথৰ বিহালীত এগৰাকী যুৱতীক একেদিনাই ক’ভিডৰ দুটা পালি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

অভিযোগ অনুসৰি, মঙলবাৰে বিশ্বনাথৰ বহু স্থানৰ লগতে বিহালী প্ৰাথমিক বিদ্যালয়ত প্ৰদান কৰা হৈছিল ক’ভিড প্ৰতিষেধক । সেই প্ৰতিষেধক ল’বলৈ গৈছিল থান বিহালীৰ মহৰম আলি আৰু মহৰম আলিৰ পৰিয়াল । মহৰম আলি আৰু পৰিয়ালৰ আন সদস্য সকলে প্ৰতিষেধক লৈ নিজ ঘৰলৈ উভতি আহে যদিও মহৰম আলিৰ কন্যা মনিৰা খাতুনে অলপ পলমকৈ লৈছিল প্ৰতিষেধক ।

5 মিনিটত দুবাৰ ভেকচিন ল’লে এগৰাকী যুৱতীয়ে; ভুল কাৰ?

মনিৰা খাতুনে প্ৰতিষেধক গ্ৰহণ কৰি প্ৰতিষেধক লৈ থকা ঠাইত তুলাৰে মোহাৰি থকা অৱস্থাতে স্বাস্থ্যকৰ্মীয়ে আহি কোনো ধৰণৰ সোধা-পোছা নকৰাকৈয়ে 5 মিনিটৰ ব্যৱধানত পুনৰ মনিৰা খাতুনক প্ৰতিষেধক প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ পিছত এই ঘটনা পোহৰলৈ অহাৰ পিছত স্বাস্থ্য বিষয়াই মনিৰা খাতুন আৰু পৰিয়াল পুনৰ সেই স্থানত উপস্থিত হোৱাত তেওঁলোকক বুজ দি পঠিয়াই দিয়ে । কিন্তু নিশা মনিৰা খাতুনৰ ঘৰত লাগিল হাহাকাৰ ।

দুটা প্ৰতিষেধক গ্ৰহণ কৰা মনিৰা বেগমৰ স্বাস্থ্য অৱনতি ঘটে আৰু জঠৰ হৈ পৰে মনিৰা খাতুন ৷ যুৱতী গৰাকীৰ স্বাস্থ্য অৱনতি ঘটাত আতংকিত হৈ পৰে যুৱতী গৰাকীৰ পৰিয়ালৰ লোক । ইফালে মনিৰা বেগমৰ স্বাস্থ্য অৱনতি ঘটা খবৰ লাভ কৰি স্থানীয় আশাকৰ্মীয়ে তথাতৈয়াকৈ যুৱতী গৰাকীক বিহালী প্ৰাথমিক স্বাস্থ্য চিকিৎসালত নি ভৰ্তি কৰায় ৷

স্বাস্থ্য পৰীক্ষাৰ অন্তত যুৱতী গৰাকী সুস্থ হৈ উঠাত পুনৰ চিকিৎসালয় পৰা ঘৰত থৈ আহে স্বাস্থ্যকৰ্মীয়ে । বৰ্তমান বিহালী প্ৰাথমিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ জে চি বেই যুৱতীগৰাকীৰ স্বাস্থ্যৰ চোৱা-চিতা কৰি আছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান সমগ্ৰ জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

সঁচাকৈয়ে স্বাস্থ্যকৰ্মীয়ে অভিযোগকাৰী যুৱতীগৰাকীক একেসময়তে দুবাৰকৈ ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰিছিল নেকি, তাকলৈও সচেতন মহলত সৃষ্টি হৈছে বিভিন্ন প্ৰশ্নৰ ৷ আনহাতে যদিহে স্বাস্থ্যকৰ্মীৰ ভুলৰ বাবেই যুৱতীগৰাকীক দুবাৰকৈ ভেকচিন প্ৰদান কৰা হৈছে তেন্তে এই ঘটনা সংঘটিত কৰা স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: আধা ঘণ্টাত এজন ব্যক্তিয়ে ল’লে ক’ভিডৰ দুটা ড’জ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.