বিশ্বনাথ ৩ নৱেম্বৰ : মংগলবাৰে বিশ্বনাথ চাৰিআলিত আয়োজন কৰা হয় সপ্তাহযোৰা লাইফ পেঞ্চনাৰ শিবিৰ ৷ উক্ত শিবিৰৰ লগত সংগতি ৰাখি পেঞ্চনাৰ সকলক বেংকৰ চৌহদত পুৱা ১০ বজাৰ পৰা বিয়লি ১২ বজালৈকে প্ৰদান কৰা হয় বিনামূলীয়া চিকিৎসা সেৱা । এই বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হয় বিশ্বনাথৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সঞ্জিৱনী হাস্পাতলৰ চিকিৎসক বিকাশ চৰকাৰ নেতৃত্বত ৷
![Free medical care for all pensioners in Bishwanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-802-3-nov-medecal-cam-photo-scrpt-as10018_03112020181356_0311f_1604407436_1006.jpg)
এই চিকিৎসা শিবিৰত চিকিৎসা প্ৰদান কৰে সঞ্জীৱনী হাস্পাতলৰ স্বত্বাধিকাৰী তথা বিশ্বনাথৰ চিকিৎসক ডঃ বিকাশ চৰকাৰে । বেংকটোৰ অধীনত থকা প্ৰায় অৰ্ধ শতাধিক জেষ্ঠ নাগৰিক তথা পেঞ্চনাৰ সকলৰো স্বাস্থ্য পৰীক্ষা কৰা হয় ৷
![Free medical care for all pensioners in Bishwanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-802-3-nov-medecal-cam-photo-scrpt-as10018_03112020181356_0311f_1604407436_843.jpg)
অন্য এক খবৰৰ বাবে: টীয়কত যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা