ETV Bharat / state

উদ্বোধনৰ পূৰ্বে খহি পৰিল ফ’ৰলেণ্ডযুক্ত পথ

বিহালীৰ হেলেমৰ টকৌবাৰীত ভাঙি পৰিল ফ’ৰলেণ্ডযুক্ত পথ ৷ বিগত 2-3 বছৰ পূৰ্বেই নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা এই পথৰ আজি পৰ্যন্ত হোৱা নাছিল উদ্বোধন ৷

four lane road broke at behali
ফ’ৰলেণ্ডযুক্ত ঘাইপথৰ দুৰাৱস্থা
author img

By

Published : May 18, 2021, 9:29 AM IST

বিশ্বনাথ,18 মে’: বিহালীৰ হেলেমৰ টকৌবাৰীত সোমবাৰে উদ্বোধনৰ পূৰ্বে ভাঙি পৰিল 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফ’ৰলেণ্ডযুক্ত পথ ৷ মুকলিৰ পূৰ্বেই জহি-খহি গ’ল পকী পথটো ৷ জানিব পৰা মতে, বিগত 2-3 বছৰ পূৰ্বে জনৈক মহেশ্বৰী নামৰ এগৰাকী ঠিকাদাৰে পথটো নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছিল ৷ কিন্তু এতিয়ালৈকে শুভাৰম্ভ হোৱা নাই এই ফ’ৰলেণ্ডযুক্ত পথটোৰ ৷

ফ’ৰলেণ্ডযুক্ত ঘাইপথৰ দুৰাৱস্থা

ইফালে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ঠিকাদাৰজনে নিম্ন মানদণ্ডৰ সামগ্ৰীৰে পথটো নিৰ্মাণ কৰাৰ বাবে বাৰিষাৰ পূৰ্বে এজাক বৰষুণতে ভাঙি গ’ল পথটো ৷ শীঘ্ৰে পথটো মেৰামতি নকৰিলে ভয়ংকৰ পথ দুৰ্ঘটনা হোৱাৰ আশংকা প্ৰকাশ কৰিছে বিহালীবাসীয়ে ৷

লগতে পঢ়ক : শোণিতপুৰত 38 গৰাকী লোকৰ ক'ভিডত মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.