ETV Bharat / state

কংগ্ৰেছৰ পৰা অব্যাহতি ল'লে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰে - তৰুণ গগৈ মন্ত্ৰীসভাত আছিল নুৰজামাল সৰকাৰ

কংগ্ৰেছৰ দুৰৱস্থাৰ বাবে ৰিপুণ বৰাক জগৰীয়া কৰে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰে । ৰিপুণ বৰাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছো ধ্বংস হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰবীণ নেতাগৰাকীয়ে । বিশ্বনাথ চাৰিআলি সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত তিনিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ তিনিওবাৰেই মন্ত্ৰী হৈছিল নুৰজামাল সৰকাৰ(Former Congress minister Nurjamal Sarkar) ৷

কংগ্ৰেছৰ পৰা অব্যাহতি ল'লে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰে

author img

By

Published : May 8, 2022, 8:41 AM IST

বিশ্বনাথ, 8 মে’: প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নুৰজামাল সৰকাৰে সক্ৰিয় ৰাজনীতিৰ পৰা অব্যাহতি লৈছে(Nurjamal Sarkar withdrew from active politics) । প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে শনিবাৰে নিজে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে । শাৰীৰিক অসুস্থতাৰ বাবে ৰাজনীতিৰ পৰা অব্যাহতি লৈছে বিশ্বনাথ চাৰিআলি সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত তিনিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা নুৰজামাল সৰকাৰে(Former minister Nurjamal Sarkar quit Congress) ।

কংগ্ৰেছ চৰকাৰৰ দিনত তিনিবাৰ বিধায়ক হৈ তিনিওবাৰেই মন্ত্ৰী হৈছিল নুৰজামাল সৰকাৰ । ইফালে শেহতীয়াকৈ বৰ্তমান সময় কংগ্ৰেছ দল ত্যাগ কৰি বিভিন্ন নেতা আন আন ৰাজনৈতিক দললৈ ঢাপলি মেলাত কংগ্ৰেছৰ এই দুৰৱস্থাৰ বাবে ৰিপুণ বৰাই প্ৰধান জগৰীয়া বুলি প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী সৰকাৰে ।

নুৰজামাল সৰকাৰৰ মতে, কংগ্ৰেছক দুৰ্বল কৰি ৰিপুণ বৰাই এতিয়া মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছলৈ জাঁপ মাৰিছে । ৰিপুণ বৰাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছো ধ্বংস হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰবীণ নেতাগৰাকীয়ে ।

উল্লেখযোগ্য যে, 1991 চনত তদানীন্তন হিতেশ্বৰ শইকীয়া আৰু 20001, 2006 চনত তৰুণ গগৈ মন্ত্ৰীসভাত আছিল নুৰজামাল সৰকাৰ । কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা দলটোৰ পৰা অব্যাহতি ল'লেও তেওঁ সদায়েই কংগ্ৰেছক সমৰ্থন দি যাব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : বৰপেটা কংগ্ৰেছত খহনীয়া : জিলা সভাপতিৰ পিছতে পদত্যাগ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.