ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত বিহালীত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি - ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

মঙলবাৰে বিহালীৰ প্ৰাণকেন্দ্ৰ বৰগাঙ চেন্টাৰৰ মাজমজিয়াত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় । জ্যেষ্ঠ সাংবাদিক প্ৰনিতা ৰায় ভূঞাই আঁত ধৰা অনুষ্ঠানটিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বৰগাং হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক স্বৰাজ হাজৰিকাই ৷

Former Chief Minister Tarun Gogoi pays homage in Bihali
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত বিহালীত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
author img

By

Published : Nov 24, 2020, 10:56 PM IST

বিশ্বনাথ,২৪ নৱেম্বৰঃঅসমৰ একেৰাহে তিনিটা কাৰ্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসানৰ খবৰ বিয়পি পৰাৰ পিছত সমগ্ৰ ৰাজ্যৰ লগতে বিহালীতো শোকৰ ছাঁ পৰিছে । মঙলবাৰে বিহালীৰ প্ৰাণকেন্দ্ৰ বৰগাঙ চেন্টাৰৰ মাজমজিয়াত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় । জ্যেষ্ঠ সাংবাদিক প্ৰনিতা ৰায় ভূঞাই আঁত ধৰা অনুষ্ঠানটিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বৰগাং হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক স্বৰাজ হাজৰিকাই ৷

Former Chief Minister Tarun Gogoi pays homage in Bihali
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত বিহালীত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

অনুষ্ঠানত উপস্থিত থাকি চিপিআই(এম এল)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বিবেক দাসে কয় যে, বৰ্তমান অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ধৰ্মনিৰপেক্ষ শিৱিৰত তৰুণ গগৈৰ অতিকৈ প্ৰয়োজন আছিল । গগৈ দেশৰ স্বাধীনতা আন্দোলন আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছৰ নেতৃত্বতে আৰম্ভ হোৱা উদাৰীকৰণ সময়ৰ সাক্ষী আছিল । কংগ্ৰেছৰ সোণালী সময় আৰু বহু দুৰ্যোগপূৰ্ণ সময় নেতৃত্ব দিয়াৰ অভিজ্ঞতাৰে তৰুণ গগৈ অভিজ্ঞ আছিল বুলিও মন্তব্য কৰে বিবেক দাসে ৷

ইপিনে,বিহালীৰ এসময়ৰ কংগ্ৰেছ কৰ্মী তথা বৰ্ষীয়ান ব্যক্তি অনিল দত্ত, সাংবাদিক দিগন্ত কুমাৰ দাস, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বিশ্বনাথ জিলাৰ সম্পাদক থানুৰাম শৰ্মা, বিহালী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি বৈশাকু ৰয়,বৰগাং মচজিদ সমিতিৰ খাদেম আলি,সংগ্ৰামী যুৱ ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ উপ-সভাপতি বিতোপন লহকৰেও প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতি ৰোমন্থন কৰি বক্তব্য প্ৰদান কৰে ।

লগতে পঢ়কঃপ্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধা জনাই অৰ্ধনমিত কৰা হ’ল গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.