ETV Bharat / state

জামুগুৰিহাটৰ কন্টেইনমেন্ট জ’নত খাদ্যৰ টোপোলা বিতৰণ চক্ৰ বিষয়াৰ

author img

By

Published : May 28, 2021, 10:07 AM IST

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে চতিয়া সমষ্টিৰ জামুগুৰিহাটত কন্টেইনমেন্ট জ’নত থকা পৰিয়ালসমূহক দুহাজাৰ টকীয়া একোটা খাদ্যৰ টোপোলা প্ৰদান কৰা হয় । নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত বৃহস্পতিবাৰে ৪৫ টা পৰিয়ালক এই খাদ্যৰ টোপোলাসমূহ বিতৰণ কৰা হয় ৷

sootea food distribution
জামুগুৰিহাটৰ কনন্টেইনমেন্ট জ’নৰ পৰিয়ালক দুহাজাৰ টকীয়া খাদ্যৰ পেকেজ বিতৰণ চক্ৰ বিষয়াৰ

চতিয়া, ২৮ মে': বৃহস্পতিবাৰে নদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰমুখ্যে কাননগু আৰু লাট মণ্ডলৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে চতিয়া সমষ্টিৰ জামুগুৰিহাটত চৰকাৰীভাৱে কন্টেইনমেন্ট জ’নত থকা পৰিয়ালসমূহক দুহাজাৰ টকীয়া একোটা খাদ্যৰ পেকেজ প্ৰদান কৰা হয় ।

জামুগুৰিহাটৰ বাঁহবৰীয়া গাঁৱত ৪৫ টাকৈ কন্টেইনমেন্ট জ’নত থকা পৰিয়ালসমূহক ১৫ কেজি চাউল, ২ কেজি দাইল, ২ লিটাৰ মিঠাতেল, ৫ কেজি আলু, ২ কেজি পিঁয়াজ, চয়াবিন, চেনি, চাহপাত, গাখীৰৰ পেকেট, বিস্কুট, কণীৰ প্লেট আদিকে ধৰি দুহাজাৰ টকীয়া এক খাদ্যৰ পেকেজ প্ৰদান কৰা হয় ৷

নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত বৃহস্পতিবাৰে স্থানীয় গাওঁবুঢ়া কিশোৰ হাজৰিকাৰ লগতে স্থানীয় যুৱকসকলৰ সহযোগত বাহবৰীয়া গাঁৱৰ কন্টেইনমেন্ট জ’নত থকা ৪৫ টা পৰিয়ালৰ মাজত এই খাদ্যৰ টোপোলাসমূহ বিতৰণ কৰা হয় ৷

লগতে পঢ়ক: মাধৱদেৱৰ জন্মজয়ন্তীত উকা হৈ ৰল ঢেকীয়াখোৱা বৰনামঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.