ETV Bharat / state

পানী শুকুৱাৰ পিচতো ধেনুধৰাৰ পথত আবদ্ধ একাংশ লোক

author img

By

Published : Jun 26, 2020, 6:01 PM IST

বানে বুৰাই পেলোৱাৰ ফলত শুকুৰবাৰে পুৱাৰ ভাগত গহপুৰ জিলা প্ৰশাসনে বন্ধ কৰি দিছিল ৰাজবাৰী, লৈইটমুখ আদি স্থানলৈ যোৱা পথ ৷ কিন্তু সম্প্ৰতি সেই পথত পানী শুকাইছে যদিও, প্ৰশাসনৰ লোক উপস্থিত নথকাৰ বাবে সেই পথ অতিক্ৰম কৰিব পৰা নাই পথটোত আৱদ্ধ লোকে ৷

flood in gahpur
flood in gahpur

বিশ্বনাথ, 26 জুনঃ গহপুৰত বানৰ ফলত জলমগ্ন প্ৰায় শতাধিক গাঁও ৷ বানে বুৰাইছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে গহপুৰৰ অধিকাংশ ভিতৰুৱা পথ ৷ গহপুৰ ধেনুধৰাৰ 1 নং আৰু 2 নং ৰাজবাৰী, লৈইটমুখ আদি স্থানলৈ যোৱা পথ বানে বুৰাই পেলোৱাৰ ফলত শুকুৰবাৰে, গহপুৰ জিলা প্ৰশাসনে যাতায়াত বন্ধ কৰি দিছিল সেই পথত ৷ সম্প্ৰতি সেই পথত পানী শুকাইছে যদিও, এই পৰ্যন্ত প্ৰশাসনৰ লোক আহি পথটো মুকলি কৰি নিদিয়াৰ বাবে আবদ্ধ হৈ পৰিছে যান-বাহন ৷

পানী শুকোৱাৰ পিচতো ঘন্টাজুৰি ধেনুধৰাৰ পথত আবদ্ধ একাংশ লোক

পথত আবদ্ধ হৈ পৰা লোকসকল এতিয়া পৰিছে বিপাঙত ৷ কিয়নো পানী শুকাইছে যদিও, প্ৰশাসনৰ অনুমতি অবিহনে তেওঁলোকে পাৰ কৰিব পৰা নাই সেই পথ ৷ পথটো বন্ধ কৰি থোৱাৰ ফলত যি যান-জঁটৰ সৃষ্টি হৈছে, তাত আবদ্ধ হৈ পৰিছে একাংশ ৰোগীও ৷ ঘন্টাৰ পিচত ঘন্টা ধৰি সেই পথত আবদ্ধ হৈ থাকিবলগীয়া হৈছে বহু পথচাৰী ৷

লগতে পঢ়কঃ কলগাছিয়াত কৃত্ৰিম বানৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.