ETV Bharat / state

বাৰিষাৰ প্ৰথমটো বানত বুৰিল গহপুৰৰ বিস্তীৰ্ণ অঞ্চল

চত্ৰং নৈৰ বানত বুৰিল গহপুৰ ৷ দীৰ্ঘদিন ধৰি চত্ৰং নদীৰ বানে গহপুৰৰ ৰাইজক জলা-কলা খুৱাই অহাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈও ভাবুকি কঢ়িয়াই আনিছে ৷

author img

By

Published : May 22, 2021, 12:14 PM IST

flood at gohpur
বাৰিষাৰ প্ৰথমটো বানতে বুৰিল গহপুৰৰ বিস্তীৰ্ণ অঞ্চল

বিশ্বনাথ ২১ মে' : গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা পাহাৰীয়া খৰস্ৰোতা চত্ৰং নদীৰ বানত শুকুৰবাৰে বুৰ যায় নগৰখনৰ বিস্তীৰ্ণ অঞ্চল ৷ গহপুৰৰ ১ নম্বৰ, ৪ নম্বৰ, ৫ নম্বৰ, ৬ নম্বৰ ৱাৰ্ড আৰু ধেনুধৰা, মধ্যচত্ৰং, ডেল হাউচি আদি গাঁৱত দীৰ্ঘদিন ধৰি চত্ৰং নদীৰ বানে ৰাইজক জলা-কলা খুৱাই অহাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈও ভাবুকি কঢ়িয়াই আনিছে ৷ চত্ৰং নদীৰ বান্ধৰ নামত বিগত বৰ্ষবোৰত ৩ কোটি ৬২ লাখ ব্যয় সাপেক্ষে পকী প্লেটেৰে বান্ধ নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল যদিও বাৰিষা প্ৰৱল গতিত অহা ঢলে নিমিষতে তচনচ কৰে উক্ত বান্ধটো ।

চক্ৰং নদীৰ বানত পৰৱৰ্তী সময়ত ৫ কোটি টকা ব্যয় সাপেক্ষে পকী ৱাল বান্ধৰ কাম হাতত লোৱা হৈছিল যদিও সেই প্ৰচেষ্টাও ফলৱৰ্তী হোৱা দেখা নগ’ল । তদুপৰি বিগত বৰ্ষৰ ভগ্নাংশ মেৰামতি নকৰাৰ বাবেই সম্প্ৰতি ৬ নং ৱাৰ্ডৰ মধ্যচত্ৰং গাঁৱৰ সমীপৰ এটা বৃহৎ অংশ নদীখনৰ প্ৰৱল সোঁতে ভাঙি নিয়াৰ ফলত বুৰ যায় বিস্তীৰ্ণ অঞ্চল । উক্ত ভগ্নাংশ শীঘ্ৰে মেৰামতি কৰাৰ দাবী তুলিছে ভুক্তভুগী ৰাইজে ।

লগতে পঢ়ক : আলফা স্বাধীনে মুকলি কৰিলে অপহৃত ৰিতুল শইকীয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.