বিশ্বনাথ, 23 এপ্ৰিল : দেশত ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে বিহালী বিধানসভা সমষ্টিৰ মহাযোঁট বন্ধনৰ প্ৰাৰ্থী তথা চিপিআই (এম-এল)ৰ নেতা বিবেক দাসে ক’ভিডৰ প্ৰথম পালি প্ৰতিষেধক লয় ৷ বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ’ণা প্ৰতিষেধক লোৱাৰ পিচত নেতা গৰাকীয়ে নিজৰ মন্তব্য ব্যক্ত কৰে আৰু কয় যে, দেশত কৰ’ণাই যি জটিলতা সৃষ্টি কৰিছে অসমত এতিয়াও এই জটিল পৰিস্থিতিৰ সৃষ্টি হোৱা নাই । এতিয়াই সচেতনতা অৱলম্বন কৰিলে অসমত নিশ্চয় কৰ’ণাক নিয়ন্ত্ৰণ কৰিব পৰা যাব ।
উল্লেখ্য যে, নেতাগৰাকীয়ে চৰকাৰক সকলো স্তৰৰ লোককে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় । আনহাতে, বৃহস্পতিবাৰে বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ’ণা প্ৰতিষেধক ল’বলৈ মানুহে দীঘলীয়া শাৰী পাতিবলগীয়া হয় ।
লগতে পঢ়ক : ক’ভিড কেয়াৰ কেন্দ্ৰৰ খিৰিকী ভাঙি 31 জন ক’ভিড আক্ৰান্তৰ পলায়ন