ETV Bharat / state

বন্ধ কোঠাত কিহৰ বেহা ? হোটেলৰ পৰা আটক দশম শ্ৰেণীৰ ছাত্ৰী - SEX RACKET BUSTED

জোনাইৰ হোম চুইট হোম নামৰ হোটেলত মুকলিকৈ চলিছে অবৈধ দেহ ব্যৱসায় ! হোটেলৰ কোঠাৰ পৰা উদ্ধাৰ দুটি সন্তানৰ পিতৃ সৈতে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী ৷

Organization busted sex racket in Jonai two detained
জোনাইত হোটেলত চলিছে অবৈধ দেহ ব্যৱসায় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2024, 1:49 PM IST

জোনাই : দুটা টকা বেছিকৈ উপাৰ্জন কৰাৰ আশাৰে জোনাইত বহুদিন পূৰ্বে মুকলি কৰা হৈছিল হোম চুইট হোম নামৰ হোটেলখন ৷ হোটেলখনৰ নামটোৱে গ্ৰাহকক আকৰ্ষিত কৰাতো স্বাভাৱিক ৷ এৰা, ঘৰৰ আঁতৰত এখন ঘৰ পালে কাৰনো থাকিবলৈ মন নাযাব ৷ হোটেললৈ গ্ৰাহক অহা মানেই গৰাকীলৈয়ে ভাল ৷ উপাৰ্জন হ’ব ধন ৷ এনেও বাণিজ্যে বসতিঃ লক্ষ্মী ৷

পিছে আপুনি বা মই ভবাৰ দৰে কথাবোৰ ভবা নাছিল হোটেলৰ গৰাকীয়েহে ৷ তেন্তে আপুনি জানিব বিচাৰিব যে হোটেলৰ গৰাকীয়েনো বিচাৰিছিল কি ? ৰ’ব তাকো জনাইছো আমি ৷ হোটেলৰ গৰাকীৰ উদ্দেশ্যটো ঠিক তেনে নাছিল, তেওঁ আছিল কিছু সুকীয়া ৷

বন্ধ কোঠাত কিহৰ বেহা ? (ETV Bharat Assam)

তেওঁ ভাবিছিল যে হোটেল মুকলি কৰিলেও অসৎ পথেৰেও আহিব টকা ৷ সেই ভাবিয়েই হোম চুইট হোমত মুকলিকৈ চলাই গৈছিল দেহ ব্যৱসায় ৷ অৱশ্যে এই অভিযোগ আমাৰ নহয়, স্থানীয় সংগঠন আৰু ৰাইজৰহে ৷ পিছে হোটেলৰ গৰাকীৰ শুক্ৰগ্ৰহৰ দশা চলি আছিল চাগে ৷

বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত জোনাইৰে টি এম পি কে আঞ্চলিক সমিতিৰ লগতে স্থানীয় ৰাইজৰ এটা সঁজাতি দলে হোটেলখনত চলাই অভিযান ৷ সেই সময়ত এগৰাকী কিশোৰীৰ সৈতে দুটি সন্তানৰ পিতৃ তথা জোনাইৰ তৰাজান গাঁৱৰ নিবাসী পৰিষদ দলে নামৰ ব্যক্তিজনক হোটেলৰ এটা কোঠাৰ পৰা উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে ৷ যাৰ দ্বাৰা হোটেলখনত ব্যৱসায়ৰ নামত অবৈধ দেহ ব্যৱসায় চলি থকা কথাটো পোহৰলৈ আহে ৷

জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষতে অৱস্থিত এই হোম চুইট হোম নামৰ হোটেলখনৰ স্বত্বাধিকাৰী হৈছে দীপক শইকীয়া নামৰ এজন ব্যক্তি ৷ স্থানীয় আৰক্ষী-প্ৰশাসনৰ অজ্ঞাতে ধনৰ বিনিময়ত দীৰ্ঘদিনৰে পৰা হোটেলখনত অসামাজিক কাৰ্যকলাপ চলাবলৈ স্বত্বাধিকাৰীয়ে একাংশ অসাধু ব্যক্তিক বৰপীৰা পাৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় দল-সংগঠনে ।

অৱশ্যে এই অভিযানৰ পিছৰে পৰা লাজত মুখ উলিয়াব নোৱাৰি পলাতক অৱস্থাত আছে দীপক শইকীয়া নামৰ ব্যক্তিজন ৷ যাৰ বাবে আৰক্ষীয়ে তেওঁক বিচাৰি নাপাই নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত চলাব ৷ ইটিভি ভাৰতৰ সাংবাদিকৰ আগত ফোনযোগ এই কথা সদৰী কৰে জোনাই আৰক্ষীয়ে ৷

ইফালে অসাধু কাৰ্যকলাপৰ ঘাটিত পৰিণত হোৱা হোটেলখনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তাত স্থায়ীভাৱে তলা ওলোমাবলৈ আৰক্ষীক অনুৰোধ জনাইছে স্থানীয় ৰাইজৰ লগতে জোনাইৰ সংগঠনসমূহে ৷

লগতে পঢ়ক: মাজুলীত আৰক্ষীৰ অভিযানত উৎখাত অবৈধ নাৰী দেহ ব্যৱসায় চক্ৰ - Sex racket in Majuli

Sex Racket Busted: নগাঁৱত উৎখাত নাৰী দেহ ব্যৱসায়ী চক্ৰ

Home Stay ৰ নামত গোলাঘাটত দেহ ব্যৱসায় চক্ৰ, উদ্ধাৰ যুৱক-যুৱতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.