বিশ্বনাথ ১৮ আগষ্টঃ বিশ্বনাথ জিলাৰ বিহালী সমষ্টি অন্যতম অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চ’চাইটি । সোমবাৰে বিহালী সমষ্টিৰ অন্তৰ্গত বৰগাং জ্ঞানম একাডেমী প্ৰাংগণত গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চ'চাইটি উদ্যোগত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় ।
চ'চাইটি সঞ্চালক কিশোৰ হাজৰিকা সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খন আঁতধৰে গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চ'চাইটি সঞ্চালিকা স্নিগ্ধা গোস্বামী হাজৰিকাই । আৰম্ভণিতে বিহালী স্নাতক মহাবিদ্যালয় অধ্যাপক ড৹ টুনটুন বৰাই আগ ধৰা এটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচিত এটি বৰগীত জৰিয়তে আৰম্ভ কৰা অনুষ্ঠান ৷

ইপিনে উক্ত অনুষ্ঠানতে বৰগাং উচ্চতৰ মাধ্যমিক বিদ্যালয়, জ্ঞানম একাডেমী, বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয় হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইস্কুল চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতীমান ৫০ গৰাকীকৈ ছাত্র-ছাত্ৰীক সম্বৰ্ধনা পত্ৰ গামোচাৰে সম্বৰ্ধনা জনায়। ইফালে এই সম্বৰ্ধনা অনুষ্ঠানতে ২০২০ বৰ্ষৰ সাংবাদিক পেঞ্চন প্ৰাপ্ত বিশ্বনাথ বিহালী ৰতোৱা জ্যেষ্ঠ সাংবাদিক নৰেন বৰাক এখনি গামোচা আৰু মানপত্ৰৰ লগতে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে চ'চাইটিয়ে ।

এই অনুষ্ঠানত উপস্থিত থাকে বৰগাং হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ ইন্দ্ৰশ্বৰ কটকী, বৰগাং হাইস্কুলৰ অধ্যক্ষ চিত্ৰৰঞ্জন ৰয়, সাংবাদিক পেঞ্চন প্ৰাপ্ত জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা, বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক খগেন মটক, প্ৰাক্তন সভাপতি ভুৱন লুইটেল লগতে জ্ঞানম একাডেমী শিক্ষক ভাস্ক শৰ্মা, অধ্যক্ষ ডিপু শৰ্মাকে ধৰি অঞ্চলটো বহু কেইছন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
