ETV Bharat / state

Infant killed by father: পিতৃ নিৰঞ্জনেই হত্যা কৰিলে নেকি নিজৰ 11 দিনীয়া সন্তানক; দৰ-দাম সঁচাকৈ চলিছিল নে ! - নৱজাতকটিক বিক্ৰী কৰাত বাধা আৰোপ

11 দিনীয়া দেৱশিশু হত্যাই জোঁকাৰি গৈছে সমগ্ৰ বজালী ৷ অভিযোগ কেইটামান পইচাৰ লোভত নিজ সন্তানক বিক্ৰী কৰিবলৈ লৈছিল নিৰঞ্জন মালাকৰে ৷ কিন্তু পৰিয়ালৰ বাধাৰ বাবে শিশুটিৰ বিক্ৰীত আহিছিল হেঙাৰ ৷ সেয়ে শিশুটিক নিজ পিতৃয়ে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

Father accused of killing 11 days old baby at Bajali
11 দিনীয়া সন্তাক হত্যা কৰিলে পিতৃয়ে
author img

By

Published : Aug 20, 2023, 11:18 AM IST

11 দিনীয়া সন্তাক হত্যা কৰিলে পিতৃয়ে

নিউজ ডেস্ক, 20 আগষ্ট : অমানৱীয় ! জঘন্য ! ভাষাহীন ! হৃদয় কঁপোৱা এক হত্যাকাণ্ড সংঘটিত হৈছে বজালীত ৷ নিজৰ 11 দিনীয়া সন্তাক হত্যা কৰাৰ অভিযোগ পিতৃৰ বিৰুদ্ধে ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ আনকি নিজৰ নৱজাতকটি বিক্ৰী কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে মাতৃয়েও ৷ দেওবাৰে পুৱাই পাঠশালাৰ সমীপৰ ডুবিত সংঘটিত হোৱা এই খবৰ সমগ্ৰ অঞ্চল বিয়পি পৰিছে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

11 দিনীয়া দেৱশিশু হত্যাই জোকাৰি গৈছে সমগ্ৰ বজালী

জানিব পৰা মতে, বজালী বিকলাংগ সন্থাৰ সম্পাদক তথা ডুবি নিবাসী নিৰঞ্জন মালাকৰৰ জীৱনলৈ আহে তৃতীয় সন্তান ৷ দেওবাৰে সম্পূৰ্ণ হৈছিল এই তৃতীয় সন্তানটোৰ 11 দিন ৷ অভিযোগ অনুসৰি, সন্তানটো জন্ম হোৱাৰ পূৰ্বেই পাঠশালাৰ হৰিপুৰৰ এজন ব্যক্তিক মাত্ৰ 4 লাখ টকাত বিক্ৰীৰ কথা আছিল শিশুটো ৷

শিশুটি বিক্ৰীৰ বাবে দৰ-দামো চলিছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷ কিন্তু শিশুটিৰ মোমায়েকে নৱজাতকটিক বিক্ৰী কৰাত বাধা আৰোপ কৰিছিল ৷ ফলত খৰ্গগ্ৰস্ত হৈ পৰে নৱজাতকটিৰ পিতৃ ৷ কিন্তু অতি ৰহস্যজনকভাৱে দেওবাৰে পুৱা মৃত্যু হয় 11 দিনীয়া নৱজাতকটিৰ ৷ ৰাইজৰ অভিযোগ নৱজাতকটিক বিক্ৰী কৰিব নোৱাৰাৰ বাবেই হত্যা কৰিলে নিজ পিতৃয়ে ।

তাৰ পাচতে পুৱাই এটা মোনাত ভৰাই মৃত নৱজাতকটিক এটা গাঁতত পুঁতি থয় ৷ অৱশ্যে দেওবাৰে এই ঘটনাৰ খবৰ লাভ কৰিয়েই উক্ত স্থানত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত বিসন্নলা জানৰ পাৰৰ পৰা উদ্ধাৰ কৰে নৱজাতকটিৰ মৃতদেহ ৷

ইপিনে ঘটনাটোত সাঙোৰ খাই পৰিছে চিকিৎসক ডাঃ দিগন্ত চৌধুৰীৰ নাম । চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়া মতে, 7 মহীয়া গৰ্ভৱতী অৱস্থাত গৰ্ভপাত কৰাবলৈ তেওঁৰ ওচৰত উপস্থিত হৈছিল স্বামীসহ-পত্নী । কিন্তু চিকিৎসকে এনে প্ৰস্তাৱ মানি নলৈ সন্তানতো জন্ম দি কোনো সন্তানহীন পৰিয়ালৰ হাতত আইনগতভাৱে গতাই দিয়াৰ উপদেশ প্ৰদান কৰে ৷

আনহাতে, যিজন ব্যক্তিক সন্তানটো বিক্ৰী কৰাৰ কথা প্ৰকাশ হৈছে সেইগৰাকী সৌৰভ শৰ্মাই সন্তানটো গ্ৰহণ কৰাৰ বাবে আগ্ৰহী আছিল যদিও কোনো ধনৰ লেনদেনৰ কথা নাছিল বুলি প্ৰকাশ কৰিছে । এই ঘটনাটো সংঘটিত হোৱাৰ পিচৰে পৰা পলাতক হৈ আছিল অভিযুক্ত পিতৃগৰাকী ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত পুৱা নিৰঞ্জনৰ সৈতে সন্তানটো গাঁতত পুঁতিবলৈ যোৱা এজন ব্যক্তি আৰু নিৰঞ্জনৰ ভনীয়েকক সোধ-পোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে । লগতে ঘৰৰ চৌহদতে আত্মগোপন কৰি থকা অভিযুক্ত নিৰঞ্জন মালাকৰক আটক কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : Atul Saikia murder case: অতুল শইকীয়াক ন্যায় প্ৰদানৰ দাবীত প্ৰতিবাদত উত্তাল ধেমাজি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.