ETV Bharat / state

Eviction drive in Biswanath : বৰগাং আছুৰ কাৰ্যালয়ত পৰিল প্ৰশাসনৰ হাতোৰা

author img

By

Published : Oct 15, 2022, 10:56 PM IST

বিহালী বৰগাঙত প্ৰশাসনৰ উচ্ছেদ অভিযান (Eviction drive at Borgang ASSU office)। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এসময়ত শুভ উদ্বোধন কৰা আছুৰ কাৰ্যালয়ত চলিল প্ৰশাসনৰ হাতোৰা ৷

Eviction drive at Borgang ASSU office
বৰগাঙৰ আছু কাৰ্যালয়ত পৰিল প্ৰশাসনৰ হাতোৰা

বিশ্বনাথ ১৫ অক্টোবৰ : বিশ্বনাথৰ বিহালী বৰগাঙত অৱস্থিত সদৌ অসম ছাত্ৰ সন্থা বিহালী আঞ্চলিক কাৰ্যালয়ত শনিবাৰে বিশ্বনাথ জিলা প্ৰশাসনৰ উপস্থিত চলোৱা হ’ল উচ্ছেদ অভিযান (Eviction drive at Borgang ASSU office) । এক্সকেভেটৰৰ জৰিয়তে দণ্ডাধীশ তথা বিহালী উন্নয়ন খণ্ড উন্নয়ন বিষয়া দেবান্দ নাথ আৰু বৰগাং আৰক্ষীৰ উপস্থিতিত বিহালী সমষ্টিৰ বৰগাং কেন্দ্ৰস্থলৰ মাজমজিয়াত থকা সদৌ অসম ছাত্ৰ সন্থা বিহালী আঞ্চলিক সমিতি কাৰ্যালয়টোৰ লগতে শ্বহীদ বেদীত চলোৱা হ’ল উচ্ছেদ অভিযান ।

উল্লেখযোগ্য যে, যোৱা এটা বছৰৰো অধিক সময় ছাত্ৰ সন্থাৰ কাৰ্যালয় উচ্ছেদ নকৰাৰ ফলত চাৰিলাইনযুক্ত পথ নিৰ্মাণ কাৰ্যত কিছু বেমেজালিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে ৷ যাৰ ফলত পথ নিৰ্মাণ সংস্থাটোৱে পথ নিৰ্মাণ কাৰ্য তীব্ৰ গতিত আগবঢ়াই নিব পৰা নাছিল ৷ সেয়ে শনিবাৰে প্ৰশাসনিক বিষয়াৰ উপস্থিত আছুৰ কাৰ্যালয়টো উচ্ছেদ কৰা হয় (Eviction drive at ASSU office) ।

গুৰুত্বপূৰ্ণ কথাটো হ’ল বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ এই কাৰ্যালয় 1996 চনত সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰিছিল । কিন্তু এই ইতিহাস জড়িত থকা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়টো উচ্ছেদ চলোৱাত সহজভাৱে ল’ব পৰা নাই বিহালীবাসীয়ে ।

আনহাতে, উচ্ছেদ চলোৱাৰ সময়ত আঞ্চলিক সমিতি আৰু সেই সময়ত কাৰ্যালয়টো নিৰ্মাণ কাৰ্য লগত জড়িত থকা কোনো এজন প্ৰাক্তন আছু, আছু কৰ্মী উপস্থিত নথকাটোৱে আন এক ৰহস্য সৃষ্টি কৰিছে । আনহাতে, এই অঞ্চলৰ বিশিষ্ট ব্যক্তি টংকৰ মুক্তিয়াৰে প্ৰকাশ কৰি কয় যে, সেই সময়ত অসম গণ পৰিষদৰ চৰকাৰ ৰাজ্যত থকাত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু সেই সময়ত আছুৰ সভাপতিৰ দায়িত্বত থকা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কাৰ্যালয় শুভ উদ্বোধন কৰিছিল ৷

বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত আছিল বৰ্তমানৰ বিধায়ক ভৰত নৰহ ৷ য’ত তেখেতে নিজেই উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াইছিল । কিন্তু আজি সকলোৰে আবেগ জড়িত থকা কাৰ্যালয় চকুৰ সন্মুখত ভাঙি দিয়াত কিছু দুখিত অনুভৱ কৰিছে ৰাইজে ৷

ইফালে জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱাই কয়, ‘‘এই কাৰ্যালয়ৰ নিৰ্মাণ কৰা সময়ত মই নিজেই উপস্থিত আছিলো ৷ কিন্তু আজি চকুৰ সন্মুখত কাৰ্যালয়টো ভাঙি দিয়াত সহজভাৱে ল’ব পৰা নাই যদিও উপায়হীন হৈ চাই ৰৈ থাকিব লগা হৈছে । কাৰণ কাৰ্যালয়টো যদিহে ভাঙি দিয়া নহয়, তেন্তে পথটো নিৰ্মাণত কিছু অসুবিধা সৃষ্টি হ’ব’’ ৷

আনহাতে প্ৰশাসনিক বিষয়া দেবান্দ নাথে প্ৰকাশ কৰে যে, ইতিমধ্যে কাৰ্যালয় সম্পূৰ্ণ ক্ষয় ক্ষতি পুৰণ দিয়া হৈছে সদৌ অসম ছাত্ৰ সন্থাক ৷ গতিকে ইয়াত আৰু সংগঠনটোৱে আপত্তি কৰিব লগা একো নাই বুলি প্ৰকাশ কৰে ।

লগতে পঢ়ক : Shashi Tharoor in Guwahati : গুৱাহাটীত শশী থাৰুৰৰ নিৰ্বাচনী প্ৰচাৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.