ETV Bharat / state

ইটিভি ভাৰত অসমৰ বাতৰিৰ প্ৰভাৱঃনিৰ্মাণ প্ৰতিষ্ঠানে আৰম্ভ কৰিলে পথ মেৰামতিৰ কাম - ETV Bharat news impact

ইটিভি ভাৰত, অসমত বাতৰি প্ৰকাশৰ পাছতেই বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিলে টি.কে. ইঞ্জিনীয়াৰিং নাম চাৰিলাইন যুক্ত পথ নিৰ্মাণ প্ৰতিষ্ঠানটোয়ে ।

ETV Bharat news impact: road constructions work resume at Bishwanath
ইটিভি ভাৰত অসমৰ বাতৰি প্ৰভাৱঃ বিশ্বনাথত পথ মেৰামতি আৰম্ভ কৰিলে পথ নিৰ্মাণ সংস্থাই
author img

By

Published : Sep 24, 2020, 10:38 PM IST

বিশ্বনাথ, 24 ছেপ্টেম্বৰ: ইটিভি ভাৰত, অসমৰ বাতৰিৰ প্ৰভাৱ ৷ ইটিভি ভাৰত, অসমত বাতৰি প্ৰকাশৰ পাছতেই বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিলে টি.কে. ইঞ্জিনীয়াৰিং নামৰ চাৰিলাইন যুক্ত পথ নিৰ্মাণ প্ৰতিষ্ঠানটোয়ে ।

ETV Bharat news impact: road constructions work resume at Bishwanath
বিশ্বনাথত পথ মেৰামতি আৰম্ভ কৰিলে পথ নিৰ্মাণ সংস্থাই

বৃহস্পতিবাৰে বৰগাঙৰ পৰা পথটোৰ মেৰামতি কাম আৰম্ভ কৰে প্ৰতিষ্ঠানটোয়ে ৷ লগতে কেমেৰাৰ সন্মুখতে অতি সোনকালেই পথটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে ৷

উল্লেখ্য যে, যোৱা 20 ছেপ্টেম্বৰত ইটিভি ভাৰত, অসমত প্ৰকাশ পাইছিল বিশ্বনাথচাৰিআলি পৰা গহপুৰলৈ যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো দুৰৱস্থাৰ কথা ৷ বিশ্বনাথ পৰা গহপুৰলৈ প্ৰায় 60 কিলোমিটাৰ পথ চোৱাত চাৰিলাইন যুক্ত পথ নিৰ্মাণ কাম চলি থকাত পথটো অধিকাংশ স্থানত প্ৰকাণ্ড গাতৰ সৃষ্টি হৈ আহিছে ৷

ইটিভি ভাৰত অসমৰ বাতৰি প্ৰভাৱঃ বিশ্বনাথত পথ মেৰামতি আৰম্ভ কৰিলে পথ নিৰ্মাণ সংস্থাই

যাৰ ফলত জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভোগাৰ লগতে দীৰ্ঘদিনৰ পৰা এক প্ৰকাৰৰ হাৰাশাস্তিৰ সন্মুখীন আহিছে ৷ আনকি ইয়াৰ বাবে পথটোত সঘনাই দুৰ্ঘটনাও সংঘটিত হৈ আহিছে ৷ এই বাতৰি ইটিভি ভাৰত, অসমে ধাৰাবাহিক ভাৱে প্ৰচাৰ কৰাত অৱশেষত বৃহস্পতিবাৰে পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলে ৷

লগতে পঢ়কঃ আত্মবিশ্বাস হেৰুৱাইছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.