ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰি প্ৰভাৱঃ ভগ্ন মাথাউৰি পৰিদৰ্শন বিধায়ক উৎপল বৰাৰ - Etv Bharat news impact

বিধায়ক গৰাকীয়ে মথাউৰিৰ ভগা অংশত উপস্থিত হৈ ভগা মথাউৰিটো শীঘ্ৰে মেৰামতি কৰিবলৈ জলসম্পদ বিভাগৰ কৰ্মচাৰীক নিৰ্দেশ দিয়ে ৷ ইয়াৰ লগে-লগে জলসম্পদ বিভাগে সেই ভগা অংশটোত জিঅ' বেগৰ জৰিয়তে মেৰামতি কৰিবলৈ তৎপৰ হৈ পৰিছে ৷

MLA Utpal borah visited the broken part of Chatrang river embankment
চত্ৰং নদীৰ মাথাউৰিৰ ভগ্ন অংশ পৰিদৰ্শন বিধায়ক উৎপল বৰাৰ
author img

By

Published : Jun 27, 2020, 4:19 PM IST

বিশ্বনাথ, 27 জুন: ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ গহপুৰৰ 1 নং ৱাৰ্ডৰ চত্ৰং নদীৰ মথাউৰিৰ এটা ভগা অংশই সমগ্ৰ অঞ্চলটো জলমগ্ন কৰাৰ বাতৰি ইটিভি ভাৰতত প্ৰচাৰ হোৱাৰ পাছতেই শনিবাৰে উক্ত অঞ্চলত উপস্থিত হয় গহপুৰৰ বিধায়ক উৎপল বৰা ৷ বিধায়ক গৰাকীয়ে মথাউৰিৰ ভগা অংশত উপস্থিত হৈ ভগা মথাউৰিটো শীঘ্ৰে মেৰামতি কৰিবলৈ জলসম্পদ বিভাগৰ কৰ্মচাৰীক নিৰ্দেশ দিয়ে ৷ ইয়াৰ লগে লগে জলসম্পদ বিভাগে সেই ভগা অংশটোত জিঅ' বেগৰ জৰিয়তে মেৰামতি কৰিবলৈ তৎপৰ হৈ পৰিছে ৷ আনহাতে গহপুৰ মহকুমাৰ শতাধিক গাঁও যিহেতু বানপানীৰ কৱলত পৰিছে তাৰ বাবে বিধায়ক গৰাকীয়ে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈ থকাৰ কথা প্ৰকাশ কৰে ৷

চত্ৰং নদীৰ মাথাউৰিৰ ভগ্ন অংশ পৰিদৰ্শন বিধায়ক উৎপল বৰাৰ

লগতে প্ৰতি বছৰে গহপুৰ মহকুমাৰ তথা নগৰ মাজেদি বৈ যোৱা চত্ৰং নদীয়ে ৰাইজক জ্বলাকলা খুৱাই অহাৰ বাবে এই মথাউৰিটো বিজ্ঞানসন্মত ভাৱে নিৰ্মাণ কৰাৰ চিন্তা চৰ্চা চলি থকা বুলি প্ৰকাশ কৰে বিধায়ক উৎপল বৰাই ৷ ইয়াৰ ওপৰিও এই বৰ্ষত জৰুৰীকালীন ভাৱে ৰাইজক সুৰক্ষা দিবলৈ মাথাউৰিটো মেৰামতিৰ বাবে ইতিমধ্যে 5 কোটি টকাৰ এখন আঁচনিৰ কাম চলি থকা বুলি জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে ৷

উল্লেখ্য যে, বুধবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ বাবে গহপুৰৰ 1 নং ৱাৰ্ডৰ চত্ৰং নদীৰ মথাউৰিৰ এটা অংশ ভাঙি যোৱাৰ বাবে জলমগ্ন হৈছিল সমগ্ৰ অঞ্চলটো ৷ যাৰ বাবে অঞ্চলটোৰ পাঁচশৰো অধিক পৰিয়ালৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি ৷ কিন্তু সেই ভগা অংশ মেৰামতি কৰিবলৈ গহপুৰৰ মহকুমা প্ৰশাসনৰ কোনা লোক উপস্থিত নোহোৱাৰ লগতে উপস্থিত হোৱা নাছিল গহপুৰৰ বিধায়ক উৎপল বৰা ৷

এই সন্দৰ্ভত জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰিছিল স্থানীয় ৰাইজে ৷ এই সমগ্ৰ বিষয় ই টিভি ভাৰতত প্ৰকাশ হোৱাৰ পাছতে অৱশেষত শনিবাৰে উক্ত ভগ্ন অংশত উপস্থিত হয় বিধায়ক উৎপল বৰা ৷ মাথাউৰিটোৰ ভগ্ন অংশটো নিৰ্মাণৰ বাবে ইতিমধ্যেই জলসম্পদ বিভাগৰ কৰ্মচাৰীক নিৰ্দেশ দিছে বিধায়ক গৰাকীয়ে ৷ উল্লেখযোগ্য যে,গহপুৰবাসী ৰাইজৰ দাবী অনুসৰি, অসম চৰকাৰৰ জলস্পদ বিভাগৰ মন্ত্ৰীক অৱগত কৰি অধিক টকা আঁচনি ধৰি শীঘ্ৰে মথাউৰিটো বিজ্ঞান সন্মত ভাৱে মেৰামতি কৰা হ'ব বুলি জনালে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়কঃ প্লাৱিত কজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ 50 শতাংশ অঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.