ETV Bharat / state

বিশ্বনাথ জিলাৰ দুই বিধানসভা সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ - বিহালী বিধানসভা সমষ্টি

শুকুৰবাৰে বিশ্বনাথ জিলাৰ দুই বিধানসভা সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ ৷ 70 নং বিশ্বনাথ আৰু 71 নং বিহালী (অনুসূচীত জাতি) বিধানসভা সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা শুকুৰবাৰে প্ৰকাশ কৰা হয় । 2024 ত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা ৷

DRAFT VOTER LIST with photo  released for two assembly constituencies of Biswanath
ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ
author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 6:41 AM IST

বিশ্বনাথ, 9 ডিচেম্বৰ : ভাৰতৰ নিৰ্বাচন আয়োগৰ সংশোধিত সময়সূচী অনুসৰি বিশ্বনাথ জিলাৰ অন্তৰ্গত 70 নং বিশ্বনাথ আৰু 71 নং বিহালী (অনুসূচীত জাতি) বিধানসভা সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা শুকুৰবাৰে প্ৰকাশ কৰা হয় । বিশ্বনাথৰ জিলা আয়ুক্তৰ সন্মিলন কক্ষত শুকুৰবাৰে দিনৰ 11 বজাত অনুষ্ঠিত হোৱা এখন সংবাদমেলত জিলা আয়ুক্ত ড৹ নেহা যাদৱে 1 জানুৱাৰী 2024 ক ভিত্তি বৰ্ষৰূপে লৈ প্ৰকাশ কৰা এই খচৰা ভোটাৰ তালিকা ৷

DRAFT VOTER LIST with photo  released for two assembly constituencies of Biswanath
ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ

এই খচৰা ভোটাৰ তালিকাত জিলাখনৰ দুটা বিধানসভা সমষ্টিৰ ক্ৰমে 70 নং বিশ্বনাথত 1,84,592 গৰাকী আৰু 71 নং বিহালী (অনুসূচীত জাতি)ত 1,52,574 গৰাকী ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে । ইয়াৰে বিশ্বনাথত পুৰুষ ভোটাৰৰ সংখ্যা 92,010 আৰু মহিলা ভোটাৰৰ সংখ্যা 92,582 গৰাকী ।

একেদৰে বিহালী বিধানসভা সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা 76566 আৰু মহিলা ভোটাৰৰ সংখ্যা 76008 গৰাকী । সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা মতে বিশ্বনাথ বিধানসভা সমষ্টিত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা 218 টা । ইয়াৰে 20 টা ভোটকেন্দ্ৰ নগৰাঞ্চলৰ আৰু 179 টা গ্ৰামাঞ্চলত অৱস্থিত । একেদৰে বিহালী (অনুসূচীত জাতি) বিধানসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হ’ল 176 টা ।

এই সমষ্টিৰ আটাইকেইটা ভোটকেন্দ্ৰ গ্ৰামাঞ্চলত অৱস্থিত । 1 জানুৱাৰী 2024 ভিত্তি বৰ্ষৰূপে লৈ প্ৰকাশ কৰা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী সূচী সম্পৰ্কে জানিবলৈ দি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে যে ভোটাৰ তালিকাত কোনো লোকে নাম অন্তর্ভুক্তিৰ বাবে শুকুৰবাৰ অৰ্থাৎ 8 ডিচেম্বৰৰ পৰা 8 জানুৱাৰী 2024 পৰ্যন্ত দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব । এই ওজৰ আপত্তি নিষ্পত্তিৰ দিন 16 ডিচেম্বৰ 2023 ৰ পৰা 22 জানুৱাৰী 2024 তাৰিখৰ ভিতৰত নিৰ্দ্ধাৰণ কৰা হৈছে আৰু চূড়ান্ত ভোটাৰ তালিকা 8 ফেব্ৰুৱাৰী 2024 তাৰিখে প্ৰকাশ কৰা হ'ব ।

উল্লেখ্য যে, বিশ্বনাথ সমষ্টিত 10 গৰাকী সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া, 22 গৰাকী বি এল অ’ চুপাৰভাইজাৰ আৰু 218 গৰাকী বি এল অ’ক দায়িত্ব অৰ্পণ কৰা হৈছে । একেদৰে বিহালী বিধানসভা সমষ্টিত 10 গৰাকী সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া, 19 গৰাকী বি এল অ’ চুপাৰভাইজাৰ আৰু 176 গৰাকী বি এল অ’ক দায়িত্ব অৰ্পণ কৰা হৈছে ।

জিলাখনৰ 18 বছৰ বয়সৰ সকলো যোগ্য ব্যক্তিয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্দ্ধাৰিত প্ৰ-পত্ৰৰ জৰিয়তে এই বিশেষ সংক্ষিপ্ত সংশোধনীত নিজৰ নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে আহ্বান জনাইছে । এই সংবাদমেলত জিলা আয়ুক্তগৰাকীৰ উপৰিও বিশ্বনাথৰ ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া পুষ্পাংকৰ পাতিৰ, বিশ্বনাথ বিধানসভা সমষ্টিৰ নিৰ্বাচক পঞ্জীয়ন বিষয়া তৃষ্ণা মিপুন, বিহালী(অনুসূচীত জাতি) বিধানসভা সমষ্টিৰ নিৰ্বাচক পঞ্জীয়ন বিষয়া মাধুৰ্য পৰাশৰ আৰু জিলাখনৰ ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি তথা বিষয়ববীয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক : দুই মহাৰথীৰ যুঁজত থৰক-বৰক শোণিতপুৰ বিজেপি : বিপৰীত মেৰুত সিংহল-পল্লৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.