ETV Bharat / state

লালপুখুৰী প্ৰাথমিক বিদ্যালয়ত ডিজিটেল শ্ৰেণীকোঠা মুকলি - Lalpukhuri Primary School

সমাজৰ উন্নয়নৰ স্বাৰ্থৰ হকে আগুৱাই আহিছে এটা স্বেচ্ছাসেৱী সংগঠন । এই স্বেচ্ছাসেৱী সংগঠনটোৱে ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি এটা ডিজিটেল শ্ৰেণীকোঠাৰ লগতে মহিলাৰ উন্নয়নৰ বাবে এটা বিদ্যুৎ চালিত চিলাই প্ৰশিক্ষণ কেন্দ্ৰ এটা মুকলি কৰে (Digital classroom opening) ৷

বিহালীত একমাত্ৰ বিদ্যুৎ চালিত চিলাই প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

author img

By

Published : Apr 4, 2022, 10:44 PM IST

বিশ্বনাথ , 4 এপ্ৰিল : সমাজৰ উন্নয়নৰ স্বাৰ্থৰ হকে বিহালীৰ ‘সুবিধা’ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে বিভিন্নধৰণৰ কামকাজ কৰি আহিছে ৷ শেহতীয়াকৈ স্বেচ্ছাসেৱী সংগঠনটোৱে বিহালী সমষ্টিৰ অসম-অৰুণাচল সীমান্তৰ ঠাণ্ডাপানী বিহমাৰী অঞ্চলত বিভিন্নধৰণৰ উন্নয়নমূলক কাম-কাজ কৰি ৰাইজৰ মাজত চৰ্চাৰ লাভ কৰিছে ।

সম্প্ৰতি এই স্বেচ্ছাসেৱী সংগঠনটোৱে বিহালী সমষ্টিৰ লালপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ প্ৰদান কৰিছে এটা ডিজিটেল শ্ৰেণী কোঠা (Digital classroom opens at Lalpukhuri Primary School) ৷ লগতে শ্ৰেণীকোঠাৰ সা-সামগ্ৰী, ছাত্ৰ-ছাত্ৰীসকলক ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে বিভিন্নধৰণৰ খেলৰ সা-সামগ্ৰী, বিশুদ্ধ খোৱা পানীৰ ব্য়ৱস্থা ইত্যাদি ব্যৱস্থা যোগান ধৰে ৷

বিহালীত একমাত্ৰ বিদ্যুৎ চালিত চিলাই প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

ইফালে মহিলাসকলৰ সুবিধা হোৱাকৈ বিহালীত এটা বিদ্যুৎ চালিত চিলাই প্ৰশিক্ষণ কেন্দ্ৰ সুবিধা কৰি দিয়ে ৷ সোমবাৰে এই একমাত্ৰ ডিজিটেল শ্ৰেণীকোঠাটোৰ লগতে চিলাই প্ৰশিক্ষণ কেন্দ্ৰটো শুভাৰম্ভ কৰে স্থানীয় বিধায়ক ৰঞ্জিত দত্তই ।

এই অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠনৰ প্ৰকল্প পৰিচালক মনোৰঞ্জন তিৱাৰী, বিশ্বনাথ চাৰিআলি ইচ ডি এফ চি( HDFC) বেংকৰ শাখা পৰিচালক পাৰ্থ প্ৰতীম শৰ্মা, সমন্বয়ক অভিনাশ পাণ্ডে আৰু সমীৰ বৰুৱা উপস্থিত থাকে ৷ লগতে উপস্থিত থাকে ক্ষেত্ৰ সহায়ক হৰেন ভূমিজ, মৌচুমী ডেকা, পিতাৰ আইন, পূৰৱী ইনটিপি, বিহমাৰী সমাজ সেৱক তথা সচেতন যুৱক ইমৰান হুছেইন, দীপক চাহুকে ধৰি অঞ্চলটো শতাধিক লোক ৷
লগতে পঢ়ক : CM on Bihu celebration: থলুৱা গামোচা ব্যৱহাৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.