ETV Bharat / state

গোঁসাই বিহুৰ দিনটোতে ৰাজ্যজুৰি ধুমুহাৰ তাণ্ডৱ - Devasting strom hit chirang

গোঁসাই বিহুৰ দিনটোতে ৰাজ্যজুৰি ধুমুহাৰ তাণ্ডৱ ৷ ধুমুহাৰ ফলত কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হয় ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলা ৷ বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলত ধুমুহাই চলাই তাণ্ডৱ ৷ বালিপুখুৰী,জিনজিয়া,বৰগাং,মোনাবাৰী, প্ৰতাপগড়,বিশ্বনাথ ঘাট গহপুৰ বেদেতী আদিৰ গাঁও সমুহত ব্যাপক ক্ষতি সাধন ৷ মৰিগাঁৱৰ বিভিন্ন অঞ্চলত বহু ঘৰ দুৱাৰ ধংস হয় ধুমুহাত ৷ যোৰহাট জিলাতো ধুমুহাই ধাৰণ কৰে তাণ্ডৱ ৰূপ ৷ নগাঁৱৰ বিভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ ৷ চিৰাং জিলাৰ ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গছ পথৰ ওপৰত বাগৰী পৰাত যাতায়াত স্তব্ধ কৰি পেলায়। হোজাই জিলাটো প্ৰচণ্ড ধুমুহা বৰষুণ।

Devasting strom hit Assam
গোঁসাই বিহুৰ দিনটোতে ৰাজ্যজুৰি ধুমুহাৰ তাণ্ডৱ
author img

By

Published : Apr 15, 2020, 6:15 PM IST

Updated : Apr 15, 2020, 8:18 PM IST

নিউজ ডেস্ক ৰিপৰ্ট, 15 এপ্ৰিল: অসমীয়াৰ বাপটি সাহোন হেপাহৰ ৰঙালী বিহুৰ গোঁসাই বিহুৰ দিনটোতে অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ দ্বিতীয়টো দিনৰ দুপৰীয়া ভাগতে সমগ্ৰ অসম জুৰি তাণ্ডৱ চলাই এজাক বিধ্বংসী ধুমুহাই ৷ এই ধুমুহাৰ ফলত মধ্য অসমৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হয় ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলা ৷ হঠাৎ অহা ধুমুহা জাকে নষ্ট কৰে বহু পৰিমাণৰ কৃষিভূমি,গছ-গছনিৰ লগতে বাসগৃহৰ ৷

বিশ্বনাথত ধুমুহাৰ তাণ্ডৱ

বিশ্বনাথঃ ৰাজ্যৰ আন আন ঠাইৰ লগতে বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলত ধুমুহাই চলাই তাণ্ডৱ ৷ বিশ্বনাথ জিলাৰ বালিপুখুৰী,জিনজিয়া,বৰগাং,মোনাবাৰী, প্ৰতাপগড়,বিশ্বনাথ ঘাট গহপুৰ বেদেতী আদিৰ গাঁও সমুহত ব্যাপক ক্ষতি সাধন এই ধুমুহাই ৷ প্ৰাপ্ত তথ্য অনুসৰি ধুমুহাৰ ফলত উক্ত অঞ্চল সমুহৰ বহু পৰিয়ালৰ ঘৰ দুৱাৰ,ক্ষয় ক্ষতি হোৱা লগতে পথাৰ, শস্য,বাৰী তামোল পান,নাৰিকল,কল আদি গছ যথেষ্ট পৰিমানে ক্ষতিগ্ৰস্ত হয় ৷

মৰিগাঁও জিলাত ধুমুহাৰ ধ্বংস লীলা

মৰিগাঁওঃ ইয়াৰ উপৰিও মৰিগাঁও জিলাৰো বিভিন্ন স্থানত ক্ষতিসাধন কৰে এই বিধ্বংসী ধুমুহাই ৷ ধুমুহাৰ ফলত মৰিগাঁৱৰ বিভিন্ন অঞ্চলত বহু ঘৰ দুৱৰা ধংস হোৱাৰ সমান্তৰালভাৱে অনিষ্ট সাধন হয় বহু খেতিয়কৰ ফচল ৷

যোৰহাট জিলাত ধুমুহাৰ তাণ্ডৱ

যোৰহাটঃ একেদৰে যোৰহাট জিলাতো ধুমুহাই ধাৰণ কৰে তাণ্ডৱ ৰূপ ৷ অনিষ্ট হয় বহু পৰিমাণৰ কৃষিৰ লগতে বাসগৃহ তথা বহু গছ-গছনিৰ ৷

কলিয়াবৰত ধুমুহাৰ তাণ্ডৱ

কলিয়াবৰঃ আনহাতে কলিয়াবৰটো এই ধুমুহাই ধাৰণ কৰে ৰুদ্ৰ ৰূপ ৷ অনিষ্ট কৰে বহু গছ-গছনিৰ লগতে খেতি পথাৰ ৷

হোজাইত ধুমুহাৰ তাণ্ডৱ

হোজাইঃ হোজাই জিলাটো প্ৰচণ্ড ধুমুহা বৰষুণ। বৰ্তমানৰ লৈকে জানিব পৰা নাই ধুমুহাত ক্ষয়-ক্ষতিৰ পৰিমাণ । দিনতে অন্ধকাৰ হৈ পৰে হোজাই জিলা খন ।

নগাঁও জিলাত ধুমুহাৰ তাণ্ডৱ
নগাঁওঃ লক ডাউনৰ মাজতে বহাগৰ দ্বিতীয় দিনা নগাঁৱৰ বিভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ ৷ বিয়লি ভাগত হঠাৎ অহা ধুমুহা জাকে কামপুৰৰ তেতেলীসৰা,আহোমগাওঁকে ধৰি দক্ষিণপাট,বৰক'লা,বেবেজীয়া, জামুগুৰি আদি বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে ৷ বহু ঠাইত টিনৰ চালিকে ধৰি বাসগৃহ ভঙাৰ লগতে গছ,গছনি উভালি পৰে।
চিৰাং জিলাত ধুমুহাৰ তাণ্ডৱ

চিৰাংঃ চিৰাং জিলাৰ ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গছ পথৰ ওপৰত বাগৰী পৰাত যাতায়াত স্তব্ধ কৰি পেলায়। বহু লোকৰ ঘৰৰ ক্ষতিসাধন কৰে ধুমুহাই। চাৰিদিন পূৰ্বেও নিশা ধুমুহাই ব‍্যাপক ক্ষতিসাধন কৰিছিল।

লগতে চাওকঃ লক ডাউন 2.0: গৰ্ভৱতী মহিলাক বিমানযোগে স্থানান্তৰ চিকিৎসালয়লৈ

Last Updated : Apr 15, 2020, 8:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.