বিশ্বনাথ, 5 এপ্ৰিলঃ আকৰ্ষণীয় হৈ পৰিছে বহু বিৰ্তকিত তেজপুৰ লোকসভা সমষ্টিৰ প্ৰচাৰ অভিযান ৷ আমোলা ভানু ক্ৰমাৎ যেন মুৰৰ কামোৰণি হৈ পৰিছে বিজেপিৰ । মিত্ৰজোঁটৰ প্ৰাৰ্থী পল্লৱলোচন দাসৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী, আৰু অসম চৰকাৰৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ অভিযান চলাই থকাৰ সময়ত অকলেই সমষ্টিৰ বিভিন্ন স্থানত প্ৰচাৰ চলাইছে ভানুৱে ৷ লগত নাই কোনো হাই প্ৰফাইল নেতা ৷ যদিও বৃহস্পতিবাৰে ভানুৰ হৈ প্ৰচাৰ চলাবলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত হয় বিহালীত । পল্লৱ লোচন দাসৰ পুৰণি বিধানসভা সমষ্টিত উপস্থিত হৈ বিজেপিক বিহালী পৰা বিদায় দিবলৈ আহ্বান জনাই বিৰোধী দলপতিজনে ।
কিন্তু লক্ষণীয়ভাবে এই সভাত অসম গণ পৰিষদ দলৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক শুকদেৱ বৰুৱাৰ কংগ্ৰেছ প্ৰাৰ্থী এম•জি•ভি•কে ভানুলৈ মুকলি সমৰ্থন আগবঢ়াই৷