বিশ্বনাথ,14 এপ্ৰিল: গৰু বিহুৰ দিনাই চতিয়াত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ ঘিলাধাৰী নদীত গা ধুবলৈ গৈ পুৰণিগাঁৱৰ ভাতৃ-ভগ্নীৰ সলিল সমাধি ঘটে । পুৰণিগাঁৱৰ ভাৰ্গৱ মন্ত্ৰী (২১) আৰু সুকন্যা মন্ত্ৰী (২২) নামৰ দুই ভাতৃ-ভগ্নীয়ে নদীত গা-ধুবলৈ গৈ মৃত্যুক আঁকোৱালি লয় ৷
আনহাতে, চতিয়াৰ ভকতগাঁৱৰ তিনিজন যুৱকেও ঘিলাধাৰী নদীত গা ধুবলৈ নিখোজ হৈ আছে বুলি জানিব পৰা গৈছে ৷ গাঁৱখনৰ মৌচুম ওজা (২৪), অভিজিৎ ওজা (২৪) আৰু বিকাশ হাজৰিকা (২৪) সম্প্ৰতি নিখোজ হৈ আছে । এই ঘটনাৰ পাছতে চতিয়াৰ সমগ্ৰ অঞ্চলত বিহুৰ পৰিৱেশ ম্লান হৈ পৰা দেখা গৈছে ।
লগতে পঢ়কঃ ইটিভি ভাৰতৰ হায়দৰাবাদস্থিত মুখ্যকাৰ্যালয়ত ৰঙালীৰ উছাহ