ETV Bharat / state

Shocking news in Biswanath: শ্মশানত জী উঠিল মৃত মহিলা

author img

By

Published : Aug 8, 2022, 10:59 PM IST

বিশ্বনাথ চাৰিআলিত আজৱ ঘটনা ৷ শ্মশানৰ চিতাত জী উঠিল মহিলাৰ মৃতদেহ (Dead women found alive in Biswanath ) ৷

Dead women found alive in Biswanath
শ্মশানত জী উঠিল মৃত মহিলা

বিশ্বনাথ, ৮ আগষ্ট: বিশ্বনাথ চাৰিআলিত নোহোৱা-নোপজা ঘটনা ৷ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ পৰা পুৱতি নিশা অন্তৰ্ধান হৈ পৰে এগৰাকী ৰোগী ৷ ঘটনাৰ বিৱৰণি অনুসৰি দেওবাৰে বিশ্বনাথৰে চুমী ভূঞা নামৰ এগৰাকী মহিলাক অসুস্থ অৱস্থাত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ কিন্তু মহিলাগৰাকীৰ অৱস্থা গুৰুতৰ হোৱাত চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ কথা আলোচনা কৰিছিল ৷ এই কথা মহিলাগৰাকীৰ পৰিয়ালে উমান পোৱাৰ লগে লগে পুৱতি নিশা মহিলাগৰাকী চিকিৎসালয়ৰ পৰা অন্তৰ্ধান হয় ৷

ইফালে মহিলাগৰাকীৰ বাসগৃহত তেওঁৰ মৃত্যু হোৱা বুলি ভাবি পাৰম্পৰিক ৰীতি-নীতিৰে মহিলাগৰাকীক সৎকাৰ কৰিবলৈ লওঁতেই মহিলাগৰাকী জীৱিত থকাৰ বুলি সংকেত পায় স্থানীয় লোকে ৷ ততালিকে শ্মশানৰ পৰা মহিলাগৰাকীক এম্বুলেঞ্চ মাতি হাস্পতাললৈ লৈ যোৱা হয় ৷ যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে মহিলাগৰাকীক ৷

শ্মশানত জী উঠিল মৃত মহিলা

মহিলাগৰাকীৰ স্বামীয়ে কোৱা অনুসৰি মহিলাগৰাকী মৃত বুলি ভাবিহে তেওঁলোকে ঘৰলৈ লৈ গৈছিল ৷ আনকি তেওঁলোকে নিজেই মহিলাগৰাকী মৃত নে জীৱিত পৰীক্ষা কৰাৰ উপৰিও স্থানীয় বেজকো মাতি পৰীক্ষা কৰোৱা হৈছিল ৷ বেজেও মহিলাগৰাকী মৃত বুলি ঘোষণা কৰাতহে তেওঁলোকে সৎকাৰৰ বাবে আয়োজন কৰিছিল ৷

আনহাতে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত (Biswanath Chariali civil Hospital) ৰোগী অন্তৰ্ধানক লৈ আৰক্ষীক অৱগত কৰিছিল হাস্পতাল কৰ্তৃপক্ষই ৷ পৰৱৰ্তী সময়ত ৰোগীগৰাকীক পুনৰ হাস্পতাললৈ লৈ অহাতহে হাস্পতাল কৰ্তৃপক্ষই অন্তৰ্ধান ৰোগীগৰাকী মৃত মহিলাগৰাকীয়ে আছিল বুলি নিশ্চিত হয় ৷

এতিয়া প্ৰশ্ন উত্থাপন হৈছে কাৰ ভুলৰ বাবে মহিলা গৰাকীৰ মৃত্যু হ'ল ? সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ স্থানীয় ৰাইজে আৰক্ষীক দাবী জনাইছে ৷

লগতে পঢ়ক: School Girl death in Guwahati: মহানগৰীত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.