বিশ্বনাথ, 22 আগষ্টঃ উন্নয়নে ঢুকি নোপোৱা গহপুৰৰ এটা অঞ্চল৷ লোহাৰ দলং নহয়, চিৰিৰ ওপৰেদি যাতায়াত কৰিছে ৰাইজে ৷ ছত্ৰং নদীৰ বাঢ়নী পানীয়ে খহাই নিয়া গহপুৰ নগৰ-অৰুণাচল প্ৰদেশ সংযোগী পকী পথৰ ওপৰত থকা দলংখনৰ আজিও নিৰ্মাণ কৰা নহ'ল,বৰঞ্চ বিপদ সংকুলভাৱে পাৰাপাৰ হ'বলগীয়া হৈছে ৰাইজ ৷
বিগত মাহত ধাৰাষাৰ বৰষুণৰ ফলত বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ মাজেৰে বৈ যোৱা পাহাৰীয়া খৰস্ৰোতা ছত্ৰং নদীৰ বাঢ়নী পানীয়ে গহপুৰ নগৰৰ সৎসংগ তিনি আলিৰ পৰা অৰুণাচল প্ৰদেশ সংযোগী পথটো খহাই নিছিল ৷ অভিযোগ অনুসৰি পকী পথটোৰ গোপাল বস্তি এলেকাৰ ভগ্ন অংশটো আজি পৰ্যন্ত সংশ্লিষ্ট বিভাগে মেৰামতি নকৰাৰ ফলত মহকুমাটোৰ উত্তৰাঞ্চলৰ বৃহত্তৰ এলেকাৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত ব্যাপক অসুবিধা তথা দুৰ্দশাৰ সন্মুখীন হৈছে ৷ উল্লেখ্য যে এই পকী পথটোৱে গহপুৰ মহকুমাৰ বালিজান,ঘগৰা আৰু কৃষ্ণপুৰ গাঁও পঞ্চায়ত এলেকাৰ অৰ্ধ শতাধিক গাঁৱৰ লগতে অৰুণাচল প্ৰদেশক 15নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত পোনপটীয়াকৈ সংযুক্ত কৰিছে । এনে ক্ষেত্ৰত গহপুৰ মহকুমাৰ অন্যতম ব্যস্ততম পথ হিচাপে পৰিগণিত পথটো সংশ্লিষ্ট বিভাগ তথা সমষ্টিটোৰ বিধায়ক গৰাকীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰি ততাতৈয়াকৈ সুচল যাতায়াত ব্যৱস্থা অব্যাহত ৰখাৰ সু-ব্যৱস্থা কৰিব লাগিছিল যদিও আজিকোপতি মেৰামতিৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অঞ্চলবাসীয়ে অভিযোগ কৰিছে ।