বিশ্বনাথ,3ছেপ্টেম্বৰ: দেশে স্বাধীনতা লাভ কৰাৰ 75 বছৰ পূৰ্তি হোৱা উপলক্ষে সমগ্ৰ দেশজুৰি আয়োজন কৰা আজাদী কা অমৃত মহোৎসৱ ইণ্ডিয়া ৭৫’ অভিযানৰ অংশ হিচাপে ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ২০২২ বৰ্ষৰ খাৰিফ বতৰত 'মেৰী পলিচি মেৰে হাথ' নামৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছিল(PM Fasal Bima Yojana) । এই কাৰ্যসূচীৰ জৰিয়তে চলিত বৰ্ষৰ ১ ছেপ্টেম্বৰৰ পৰাই কৃষি বিভাগৰ তত্ত্বাৱধানত নিৰ্দিষ্ট বীমা কোম্পানীৰ প্ৰতিনিধিৰ জৰিয়তে আঁচনিত পঞ্জীয়নভুক্ত প্ৰতিজন কৃষকক বীমা সম্পৰ্কীয় নথি-পত্ৰ ঘৰতে যোগান ধৰা হব ৷
এই কাৰ্যসূচীৰে অংশ হিচাপে শণিবাৰে বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত বিশ্বনাথ ৰাজ্যিক গ্ৰামীণ বিকাশ প্ৰতিষ্ঠানত 'মেৰী পলিচি মেৰে হাথ' অভিযানৰ অংশস্বৰূপে ফচল বীমা পলিচি বিতৰণ কৰা হয় (Meri policy mere haath)। এগ্ৰিকালচাৰ ইন্সিওৰেঞ্চ কোম্পানী অৱ ইণ্ডিয়া লিমিটেডৰ সদস্যৰ উপস্থিতিত প্ৰায় শতাধিক কৃষকৰ মাজত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (শালি ধান আৰু মাটিমাহ)ৰ পলিচি বিতৰণ কৰা হয় ৷
বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, জিলা কৃষি বিষয়া দীপক বাঢ়ৈ আৰু মহকুমা কৃষি উন্নয়ন বিষয়া মনোজ কুমাৰ নাৰ্জাৰীয়ে পলিচিসমূহ কৃষকৰ মাজত বিতৰণ কৰে । সভাত উপস্থিত থাকি বিধায়ক প্ৰমোদ বৰঠাকুৰে বিশ্বনাথ জিলাৰ প্ৰতিগৰাকী কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সুবিধা আদায় কৰিবলৈ আহ্বান জনায় ।
লগতে ফচল বীমা যোজনাৰ পৰা কেনেদৰে কৃষকসকল উপকৃত হ’ব সেই সন্দৰ্ভতো সভাত বিস্তৃতভাৱে আলোচনা আগবঢ়োৱা হয় । উক্ত সভাতেই উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে আৰু জিলা কৃষি বিষয়া দীপক বাঢ়ৈয়ে কৃষকসকলৰ মাজত বীমা পলিচি বিতৰণ কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময়তো ভাগ লয় ।
লগতে পঢ়ক: PM Fasal Bima Yojana: প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই স্পৰ্শ কৰিব পৰা নাই অসমৰ সকলো কৃষকক